Monday, 4 November 2013

মানুহে মানুহৰ বাবে...

(মানুহে মানুহৰ বাবে...)

‘মা,অ’ মা শুনাচোন৷ মাআআআআআ’
‘কি হ’ল অ’! কিয় চিঞৰিছ ইমানকৈ!কাম এটা কৰাৰো শান্তি নাই তহঁতৰ পৰা৷’
আগনিশা উজনিৰ পৰা দুৰন্ত গতিত চলি অহা গুৱাহাটী অভিমুখী বাছখন গন্তব্যস্থান পাও পাও হৈছেহি,তেনেতে যোৰাবাটৰ একাঁ-বেঁকা ঠাইখিনিত বিৰাট শব্দ কৰি গাড়ীৰ চকা এটা ফুটিলে বাছৰ ভিতৰত বহি থকা মানুহখিনিৰ অকস্মাতে খং উঠে আৰু চকাটো পুনৰ লগাই নোহোৱা পৰ্যন্ত তেওঁলোকে মুখৰ ভিতৰতে কিবা-কিবি ভোৰভোৰাই থাকে৷ৰুণু দেৱীৰ অৱস্থাও ঠিক এতিয়া তেনেকুৱাই হৈছে৷খুব খং উঠে৷এনেকৈ কষ্টৰে কৰি থকা কাম এটাত কোনোবাই বাধা দিলে তেওঁৰ খং গৈ চুলিৰ আগ পাইগৈ৷
‘মা,মোক এশটকা এটা দিয়াচোন৷’-সোঁহাতখন আগুৱাই দি জীয়েকে খুব আশাৰে মাকে এশটকা এটা তাইৰ হাতত গুজি দিয়ালৈ বাট চাই ৰ’ল৷
‘কিয়?কিয় লাগে এশটকা?’ৰুণু দেৱীয়ে তীক্ষ্ণ প্ৰশ্নবাণ এৰিলে জীয়েকলৈ৷
‘আমাৰ “জিলমিল মইনা পাৰিজাত”ত যে মন্টু বোলা ল’ৰাটো আছে,তাৰ খুব বেয়া বেমাৰ এটা হৈছে৷তাৰ মাক-দেউতাক কোনো নাই জানানে!সি খুৰাকৰ লগতহে থাকে৷ আৰু খুৰায়েকটোও খুব দুখীয়া৷ তাক ঔষধ খুৱাবলৈ পইচায়েই নাই৷সেইকাৰণে আমি আটাইবোৰে দিছিচন লৈছো যে এশ টকাকৈ গাইপতি উঠাই মন্টুক আমিয়েই ডাক্টৰৰ তালৈ লৈ যাম৷ আজিয়েই তাক ডাক্তৰৰ তালৈ নিয়া কথা৷সোনকালে এশ টকা এটা দিয়া এতিয়া তুমি৷’-জীয়েকে মাকক কথাবোৰ পৰিপাটিকৈ বুজাই দিলে৷
‘তাকেই ক’বলৈ হ’বলা তই ইমান চিঞৰি আছিলি?শুন বেঙী,এইবোৰ চব দুখীয়া মানুহৰ বুদ্ধি৷সিহঁতে এনেকৈ বেমাৰৰ ভাও জুৰি আমাৰ দৰে ধনী মানুহবোৰৰ পৰা টকা বিচাৰে৷আৰু পাছত টকাবোৰ বেলেগ কামত খৰচ কৰে৷বুইছ৷বিৰাট সাংঘাতিক এই মন্টু-ছন্টু বোলা ল’ৰাবোৰ৷তই সৰু হৈ আছ৷বুজি নাপাবি৷’-বিজ্ঞৰ দৰে মন্তব্য ৰাখিলে ৰুণু দেৱীয়ে৷এৰা,মাকে বহুকেইখন দেশ ফুৰি-চাকি বহু মানুহক লগ পাইছে আৰু সেই দেশবোৰ,মানুহবোৰ সাক্ষাৎ কৰি তাৰপৰা যি অভিজ্ঞতা আৰ্জিছে,তাৰ তুলনাত কমবয়সীয়া জীয়েকে একোৱেই দেখা নাই,একোৱেই শিকা নাই৷সেয়েহে মাকে তাইক বেঙী বুলি কৈছে৷ জীয়েকে কথাবোৰ মনৰ ভিতৰতে চিন্তিলে৷সঁচাকৈয়ে তাই বেঙী নেকি?
‘কিন্তু মা!মোৰ লগৰ সকলোৱেইতো এশ টকাকৈ দিব৷মই নিদিলে মোক দেখোন সকলোৱে হাঁহিব৷’-হঠাৎ কথাটো তাইৰ মনলৈ আহিল৷ মাকক কথাটো কৈ মাকেনো এতিয়া কি উত্তৰ দিয়ে তাকে জানিবলৈ তাই উৎসুক হৈ অপেক্ষা কৰিলে৷
‘তই আজি মইনা পাৰিজাতলৈ যাব নালাগে দেই৷কাইলৈ বাইদেৱে সুধিলে পেটৰ বিষ বুলি ক’বি ৷এতিয়া যা৷মোৰ কাম আছে’-মাকৰ পৰা এনে এটা উত্তৰ যেন আশা কৰা নাছিল তাই৷মাকেই দেখোন তাইক শিকায়-মিছা কথা নক’বি৷সদায় সঁচা কথা ক’বি৷মিছা কথা ক’লে ঠেং চুটি হয়৷তেন্তে তাইৰ পেটৰ বিষ নোহোৱা স্বত্বেও মাকেনো কিয় ফাঁকি দিবলৈ তাইক একপ্ৰকাৰৰ আদেশ দি দিলে৷ তাই নিৰাশ হ’ল৷
“কিন্তু মা...”
“কি কিন্তু আকৌ!কি কিন্তু!!যা,যা৷হ’ব যা৷ মোৰ ঢেৰ কাম আছে৷অশান্তি দি নাথাক৷এদিন মইনা পাৰিজাতলৈ নগ’লে একো ৰামায়ণ-মহাভাৰত অশুদ্ধ নহয়৷যা এতিয়া৷”-ৰুণু দেৱীৰ হুংকাৰ৷
থৰক-বৰক খোজেৰে জীয়েক মাকৰ কোঠালিৰ পৰা বাহিৰ হ’ল৷
“মানুহে মানুহৰ বাবে-ভূপেনদাৰ এটা কালজয়ী সৃষ্টি৷এই গান কেৱল গানেই নহয়৷ই হ’ল এটা আহ্বান,মানুহে মানুহক ভাল পাবলৈ কৰা আহ্বান,ইজনে-সিজনৰ সংগী হ’বলৈ কৰা এক আহ্বান,নি:স্বজনক সহায় কৰিবলৈ এক আহ্বান, ইজনে-সিজনৰ হাত ধৰি..অমমম.. ইজনে সিজনৰ হাত ধৰি অমমমমম....কি আছিল কি আছিল!!!ছেহ!! পাহৰিয়েও থাকিলো নহয়৷এতিয়া আকৌ ফাৰ্ষ্টৰে পৰা ষ্টাৰ্ট কৰিব লাগিব৷’-
জীয়েকক বিদায় দি পাঁচপৃষ্ঠাজোৰা সুদীৰ্ঘ বক্তব্যটো পুনৰ আৰম্ভণিৰে পৰা মুখস্থ কৰাৰ কামত ব্যস্ত হৈ পৰিল অঞ্চলৰ বিশিষ্ট সমাজসেৱিকা ৰুণু দেৱী৷ভূপেনদাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজন কৰা সন্ধিয়াৰ এখন সভালৈ তেওঁক মুখ্য বক্তাহিচাপে আমন্ত্ৰিত কৰা হৈছে৷বক্তৃতাৰ বিষয়-‘সাম্প্ৰতিক সমাজত ভূপেনদাৰ ‘মানুহে মানুহৰ বাবে’ গীত”টোৰ প্ৰাসংগিকতা আৰু কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰাৰ আৱশ্যকীয়তা৷’