Posts

Showing posts from July, 2022

আনএবোম্বাৰ – এটি ভয়ংকৰ জটিল চৰিত্ৰ

Image
থিয়ড ’ ৰ জন কেজিনস্কি৷ চমুকৈ টেড৷ এটি অদ্ভুতধৰণে ভয়ংকৰ অথচ বাস্তৱ চৰিত্ৰ৷ সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰা মনোবৈজ্ঞানিক জটিলতাৰ এটি দুৰ্বোধ্য প্ৰতীক৷ ষোল্ল বছৰ বয়সতে হাৰ্ভাডৰ জলপানি লাভ কৰা অংক - পাগল টেডৰ বৌদ্ধিক উজ্জ্বলতা দেখি অধ্যাপকে এদিন কৈছিল ‘ এওঁৰ নিচিনা শিক্ষাৰ্থী আজিলৈকে দেখা নাই৷ ’ পিছে একেজন টেডেই পাছলৈ আমেৰিকাৰ এফবিআইৰ অপৰাধীৰ অনুসন্ধানৰ তালিকাতো নামাৰ্জন কৰিছিল ‘ আতংকসৃষ্টিকাৰী নৈপুণ্য ’ ৰ বাবে৷ ‘ ফ্ৰিডম ক্লাৱ ’ বুলি নিজকে পৰিচয় দিয়া টেডৰ জনপ্ৰিয় নাম হৈছিলগৈ - “University and Airline Bomber” যাৰ সংক্ষিপ্ত ৰূপ ‘Unabomber’ ৷ প্ৰশ্ন উঠে , তীক্ষ্ণধী আৰু মেধাৱী টেডৰ জীৱনত এনেনো কি ঘটনা ঘটিল যে তেওঁ অংকৰ জটিল জগতখনৰ পৰা ওলাই আহি ঔদ্যোগিক বিপ্লৱক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ বাধ্য হ ’ ল , আৰু লিখি উলিয়ালে ৩৫ , ০০০ শব্দৰ ‘ ঔদ্যোগিক সমাজ আৰু ইয়াৰ ভৱিষ্যত ’ শীৰ্ষক ৰচনা ! ( ৰচনাখন গুগলত উপলব্ধ ) কিহৰ তাড়নাতনো টেডে আধুনিক জীৱন পৰিহাৰ কৰি গাণিতিকভাৱে বিশুদ্ধ এটি সৰু ঘৰ সাজি অৰণ্যত দিন পাৰ কৰিবলৈ বাছি ল ’ লে ! য ’ ত নাছিল কোনো বৈদ্যুতিক সংযোগ , নাছিল কোনো আধুনিক সৰঞ্জাম৷ ১৯৭৮ চনৰ

হৃদয়ম : জীৱন-বৈচিত্ৰ্যৰ আন্তৰিক অনুসন্ধান

Image
বিগত দুটামান বছৰত, বিশেষকৈ ক’ভিড-উত্তৰ সময়ছোৱাত মালায়ালম ভাষাৰ ছবি - উদ্যোগৰ প্ৰতি সাধাৰণ দৰ্শকৰ কৌতূহল বঢ়া যেন অনুমান হয়৷ বিশেষকৈ ‘দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন’, ‘জ’জি’, ‘মালিক’, ‘আৰাকাৰিয়াম’ আদিৰ দৰে কলাত্মক আৰু বাণিজ্যিকভাৱে সফল ছবিয়ে এচাম নতুন দৰ্শকৰ লগত উদ্যোগটোৰ পুনৰ-পৰিচয় ঘটাইছে৷ ময়ো ব্যক্তিগতভাৱে মালায়ালম ভাষাৰ চলচ্চিত্ৰত বিষয়বস্তু আৰু কাহিনীকেন্দ্ৰিক কিছুমান যোগাত্মক সম্পৰীক্ষা প্ৰত্যক্ষ কৰি সমপৰিমাণে পুলকিত হৈছোঁ৷ তেনে এক সততাপূৰ্ণ সম্পৰীক্ষাৰেই শেহতীয়া নিদৰ্শন দেখা পালোঁ বিনীত শ্ৰীনিৱাসন ৰ দ্বাৰা লিখিত, পৰিচালিত আৰু প্ৰযোজিত প্ৰায় তিনিঘণ্টাজোৰা ছবি ‘হৃদয়ম’ত৷ ছবিখনক ‘ ইণ্টাৰনেট মুভি ডাটাবেছ ’ৰ এইবছৰৰ এতিয়ালৈকে মুক্তিপ্ৰাপ্ত ছবিৰ দহখনীয়া তালিকাত স্থান দিয়া হৈছে৷ ছবিৰ নামটোৱে এখন পোনপটীয়া ৰোমাণ্টিকধৰ্মী চলচ্চিত্ৰৰ ইংগিত বহন কৰিছে যদিও কাহিনীটো যৌৱনকালৰ প্ৰেম তথা ভালপোৱাৰ পৰিধিতেই সীমাবদ্ধ হৈ থকা নাই৷ ভাৰতৰ দক্ষিণাঞ্চলৰ ভিন ভিন ঠাইৰ পৰা শিক্ষা লাভ কৰিবলৈ অহা এচাম নৱাগতই চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত কটোৱা চাৰিটা বৰ্ষৰ ৰং-সংঘাত, বন্ধুত্ব, বিচ্ছেদৰ কাহিনীক ছবিখনৰ মধ্যান্তৰ