Posts

Showing posts from April, 2021

‘কথা এটা কওঁ’

Image
ৰাতিপুৱা ৭ বাজি ৫১ মিনিটত যেতিয়া প্ৰথমটো ভূইকঁপে চন্দ্ৰশেখৰৰ চৌধ্যবছৰীয়া যন্ত্ৰণাক্লিষ্ট বিচনাখনৰ চাৰি ঠেং লৰাই থৈ গ’ল, তেতিয়া সুন্দৰ-পাহোৱাল ডেকাজনৰ জীউ ব্ৰহ্মাণ্ডৰ বাহিৰ হৈ যোৱাৰ উপক্ৰম হ’ল৷ দ্ৰুতগতিশীল ভূভাগৰ ওপৰত নিজৰ শাৰিৰীক অৱয়ৱটো বিচাৰিবলৈ আন্তৰিক প্ৰয়াস এটা কৰোঁতেই পুনৰ এটা ভূকম্পনত তাৰ যাউতিযুগীয়া হাত-ভৰি অচল ‘হৈ পৰিল! চন্দ্ৰশেখৰ প্ৰচণ্ড ভীতি আৰু আতংকত ঘামিবলৈ ধৰিলে৷ সি বুজিলে, মৰিবলৈ আৰু বেছি পৰ নাই৷ মাত্ৰ কেইটিমান ছেকেণ্ড! তাৰ পিছতেই ‘২০১২’ৰ দৰে পৃথিৱী তচনচ হৈ যাব৷ আজি হয় ৰঙামাটি, নহয় গুৱাহাটী৷ মুঠতে মানুহৰ সময় শেষ৷ সব চাফা৷ সমুখৰ গ্ৰিলৰ ওপৰেৰে ক্ষুদ্ৰাকৃতিৰ পৰুৱা এটা দুপদুপকৈ দৌৰিব লাগিছে৷ প্ৰলয়ৰ পূৰ্বাভাষৰ মাজতো এটা নতুন চিন্তাই তাক আঘাত কৰিলে৷ সি খপজপকৈ ফোনটো পকেটৰ পৰা উলিয়ালে৷ হাত দুখনৰ শিৰাবোৰ ভূকম্পনৰ পাৰ্শ্বক্ৰিয়া হিচাপে বেকাৰ হৈ পৰিছে৷ কষ্ট হ’ল অলপ৷ চন্দ্ৰশেখৰৰ ভৌগোলিক অৱস্থানৰ পৰা সাত মাইল উত্তৰা-দক্ষিণাকৈ শতাব্দীৰ ঘৰ৷ সি তাইৰ নম্বৰটো ডায়েল কৰিলে৷ ‘বিজি৷’ সি ‘ছেহ’ বুলি কৈ নিজৰ বিব্ৰতবোধ প্ৰকাশ কৰিলে৷ অৱশ্যে দ্বিতীয়বাৰ কল কৰিবলৈ তৎপৰ হওঁতেই স্ক্ৰীণত ‘শতাব্দী’ শীৰ্ষ