Posts

Showing posts from June, 2020

'শেষপৃষ্ঠা'ৰ পৰা

Image
সৃষ্টিৰ   দীপ্তি আৰু কৰ্মোদ্যমৰ সুষমাৰে   অসমৰ সাহিত্য-সংস্কৃতি আৰু সামাজিক জগতখনক যিকেইগৰাকী স্বনামধন্য ব্যক্তিয়ে এক প্ৰেৰণাময় মাত্ৰা দিবলৈ সমৰ্থ হৈছিল , সেইসকলৰ ভিতৰত   ড০ ভবেন্দ্ৰ নাথ শইকীয়া   এটি চিৰস্মৰণীয় নাম৷ তেখেতৰ উপন্যাসোপম জীৱনৰ   এক গুৰুত্বপূৰ্ণ অংশ আছিল ' প্ৰান্তিক '- যিখন পষেকীয়া আলোচনীয়ে যাত্ৰা আৰম্ভ কৰিছিল বিংশ শতিকাৰ নৱম দশকত৷ উদ্যোগ লৈছিল   প্ৰদীপ বৰুৱা ই৷ সম্পাদনাৰ দায়িত্ব দিয়া হৈছিল ড০ ভবেন্দ্ৰ নাথ শইকীয়াক৷ সম্পাদক হৈ থকাৰ কালতেই ড০ শইকীয়াই সমসাময়িক ঘটনাৱলী আৰু পৰিৱৰ্তনসমূহ নিজৰ সূক্ষ্মবোধ আৰু বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আলোকপাত কৰি এলানি লেখা লিখিছিল৷ বিশেষ শিতানটোৰ নাম আছিল ' শেষপৃষ্ঠা ' ৷ পৰৱৰ্তী পৰ্যায়ত কিতাপ আকাৰে প্ৰকাশিত হোৱা ' শেষপৃষ্ঠা ' ৰ মুঠ খণ্ড হৈছিলগৈ চাৰিটা৷ বিগত বছৰ দুটাত ' শেষপৃষ্ঠা ' ৰ সেই চাৰিওটা খণ্ড পঢ়ি উঠি মই অনুভৱ কৰিলোঁ-ছাৰৰ কিছুমান চিন্তা আৰু সিদ্ধান্ত আজিৰ তাৰিখতো সমানেই প্ৰযোজ্য হৈ আছে৷ আজিৰ অসমৰ সাংস্কৃতিক , সামাজিক আদি একাধিক দিশত ' শেষপৃষ্ঠা ' ৰ তৰ্কাতীত প্ৰাসংগিকতা আৰু গুৰুত্ব আছে৷ সেয়েহে ' শে

বিকল্প-নিৰ্বাচনৰ সীমাহীন ক্ষমতাই আমাক অস্থিৰ কৰি তুলিছে নেকি?

Image
এসময়ত দূৰদৰ্শনৰ সমুখত বহি চিৰিয়েল চোৱা মানুহে চিৰিয়েলৰ মাজে-মাজে দিয়া বিজ্ঞাপনবোৰো চাবলগীয়া হৈছিল৷ কাৰণ, আমননিদায়ক যেন লাগিলেও আমাৰ হাতত বিজ্ঞাপন পৰিহাৰ কৰাৰ অইন বিকল্প নাছিল৷ কোনোবা নাচাই উঠি গৈছে-বেলেগ কথা৷ কিন্তু যিসকলে আধাঘণ্টা সময় বহি চিৰিয়েল এখন চাইছিল, তেওঁলোকে বিজ্ঞাপনবোৰ চোৱাৰো ধৈৰ্য আৰু সহনশীলতা আয়ত্ব কৰি লৈছিল৷ আৰু আমোদজনকভাৱে সেইসময়ৰ বহু বিজ্ঞাপন পাছলৈ ‘আইকনিক’ বুলি জনাজাত হৈছিল৷ বিজ্ঞাপনৰ কথা আৰু সংগীতবোৰো মানুহৰ মুখে মুখে প্ৰচলিত হৈছিল৷ তেতিয়া মানুহৰ বন্ধুৰ সংখ্যাও বেছি নাছিল৷ কিন্তু যিকেইজন আছিল,তেওঁলোকৰ লগতেই কাজিয়া-পেচাল, হাঁহি-ধেমালি কৰি সময় কটাইছিল৷ বন্ধুসংযোগ আৰু বন্ধুবিচ্ছেদ দুয়োটাই তেতিয়া কম আছিল৷ লাহে লাহে কেবল টিভি, টাটা স্কাই আদিৰ দৰে সেৱাসমূহৰ প্ৰসাৰ বাঢ়িল আৰু শতিকাটোৰ দ্বিতীয় দশকত ম’বাইল ইণ্টাৰনেট সেৱাৰ দ্ৰুততৰ উত্থানে আমাৰ জীৱনপদ্ধতিলৈ ভৰপূৰ পৰিৱৰ্তন লৈ আহিল৷ মনোৰঞ্জন আৰু বন্ধু-নিৰ্বাচনৰ হাজাৰ-বিজাৰ বিকল্প আমাৰ সমুখত মোকলাই দিয়া হ’ল৷ আগতে এটা চেনেলৰ সলনি এতিয়া ইউ টিউবত ইমানবোৰ চেনেল গোট খালে যে-কোনটো চাম, কোনটো নাচাম ভাবি থাকোঁতে কেতিয়াবা কোনো এটা অনুষ্ঠানেই

প্ৰথমটো গল্প আৰু আঁৰৰ কাহিনী

Image
গল্পটোৰ লগত সংলগ্ন হোৱা ছবিখন [আগকথাঃ ২০০৯-১ ০ চনৰ ক থা৷ ডন বস্ক'ত অভিযা ন্ত্ৰিক-শিক্ষা  গ্ৰহণ কৰি থকাৰ সময়তে, তৃতীয় ষান্মাষিকত আমাক গণিত পঢ়োৱা  ড০ অনুৰাধা মে'মে মহাবিদ্যালয় আলোচনীৰ বাবে লিখা-মেলা কৰিবলৈ ক্লাছৰ সকলোকে অনুৰোধ কৰিলে৷ অনুৰাধা দেৱী মে'ম আছিল গণিত বিভাগ ৰ মুৰ ব্বী, কলেজ ৰ অন্যতম জ্যেষ্ঠ অধ্যাপক৷ উদ্যমী, যোগাত্মক দৃষ্টিভংগীৰ মৰমীয়াল মানুহ৷ অৱশ্যে মে'মৰ মাতৃসুলভ খং এটাও আছিল৷ বৰ্তমান তেখেত ৰয়েল ইউনিভাৰ্ছিটিৰ গণিত বিভাগৰ ডিন৷ যি কি নহওক; সেই ঘোষণাৰ ঠিক কেইমাহমানৰ পূৰ্বে 'প্ৰান্তিক'ৰ পত্ৰালাপ শিতানত মোৰ প্ৰথমটি লেখা (নৌ স্মকিং) প্ৰকা শিত হৈছিল-যিটো লেখা মে'মেও পঢ়িছিল৷ (সেইটো জীৱনৰ আন এটা সুখপূৰ্ণ মুহূৰ্ত৷ পাছত লি খিম৷) বোধহয় সেই নাতিদীৰ্ঘ লেখাৰ ওপৰত নিৰ্ভৰ কৰিয়েই মে'মে মোক চিধাই আদেশ দিয়াদি ক'লে-"ঈশানে গল্প এটা লিখিবা৷" মে'মৰ কথা শুনি মই কেইছেকেণ্ডমান হেহোঁ-নেহোঁকৈ থাকিলোঁ৷ কি ক'ম-কি নক'ম একো ধৰিব নোৱাৰি শেষত মূৰটো দোৱাই 'হ'ব মেম' বুলি কৈ থৈ দিলোঁ৷ কাৰণ, ইয়াৰ আগলৈকে জীৱনত গল্প লিখি পোৱা নাই৷ প্ৰকাশ হ'লে এ

আপুনি অন্তৰ্মুখী নে বৰ্হিমুখী নে উভয়মুখী?

Image
কিছুমান বিশেষ কথা আমাৰ সমাজত এটা বিশেষ গণ্ডীত থাকি যোৱাৰ বাবে নাইবা সেইবোৰ কথা বহুদিনলৈকে গুৰুত্বহীন হৈ থকাৰ বাবে প্ৰায়েই সেইবোৰ বিষয়ক লৈ সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয় ৷ ডেকা-বুঢ়াতকৈও বেছিকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল ৷ তেনে এটা বিষয় হৈছে-‘অন্তৰ্মুখিতা’ ৷ অন্তৰ্মুখী মানুহৰ কেইটামান স্বীকৃত বৈশিষ্ট্য তলত লিখিছোঁ ৷ প্ৰতিটো বৈশিষ্ট্য / আচৰণক ‘হয়’ অথবা ‘নহয়’ৰে চিন দিয়ক৷  যদি ‘হয়’ৰ সংখ্যা অধিক, তেন্তে আপুনি এগৰাকী ‘অন্তৰ্মুখী’ বা ‘ Introvert’ ৷ যদিহে ‘নহয়’ৰ সংখ্যা অধিক তেন্তে আপুনি ‘বৰ্হিমুখী’ বা Extrovert ৷ আৰু যদিহে ‘হয়’ আৰু ‘নহয়’ৰ সংখ্যা প্ৰায় সমান-তেন্তে আপুনি এগৰাকী এম্বিভাৰ্ট ৷ ( Ambivert ) (১) মই দলীয়ভাৱে কাম কৰাতকৈ অকলশৰীয়াকৈ কাম কৰিহে ভাল পাওঁ৷ (২) মই প্ৰায়েই লিখা-মেলাৰ জৰিয়তে নিজকে প্ৰকাশ কৰোঁ৷ (৩) মই নিৰ্জনতা বা একাকীত্ব উপভোগ কৰিব জানো ৷ (৪) ধন, প্ৰতিপত্তি, খ্যাতি আৰু মৰ্যাদাক লৈ মোৰ সতীৰ্থসকলে যিমান চিন্তা কৰে, মই নকৰোঁ ৷ (৫) মই খুচুৰা-খুচুৰি কথা পাতি বেয়া পাওঁ ৷ যিবোৰ কথা বা বিষয়ত মোৰ ৰাপ আছে, সেইবোৰ বিষয়ে মই গভীৰভাৱে বাৰ্তালাপ কৰি ভাল পাওঁ৷ (৬) মানুহে মোক ভাল শ্ৰুতা

ফলাফলৰ খবৰ আৰু আমাৰ স্ববিৰোধী চিন্তাজগত

Image
ফলাফলৰ খবৰ প্ৰকাশ কৰাৰ ধৰণটোৱে কেতিয়াবা আমাৰ স্ববিৰোধী চিন্তাজগতৰ এটা অস্বস্তিকৰ দিশ পোহৰলৈ আনে৷ কৰ্মৰ যে কোনো সৰু-বৰ নাই-এই কথাটো আমি শুনি আহিছোঁ বা পঢ়ি আহিছোঁ৷ ‘ভালদৰে কাম কৰিলে সকলোতে উন্নতি’ বোলা কথাষাৰ আমাৰ সমাজৰ জনপ্ৰিয় উপদেশবাণী৷ কিন্তু এইষাৰ কথাও আন বহুতো কথাৰ দৰেই ‘ওপৰে-ওপৰে কৈ দিয়া তৰল’ কথাই৷ যদিহে এই কথাষাৰ আমি মানো, তেন্তে আমি এইটোও মানিব লাগিব যে সকলো কৰ্মৰে সমান মৰ্যাদা আছে৷ লগতে মানিব লাগিব যে- মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰা খেতিয়ক এজন আমাৰ সমাজৰ বাবে যিমান গুৰুত্বপূৰ্ণ, কোনোবা গৱেষণাগাৰত সময় কটোৱা বৈজ্ঞানিক এজনো আমাৰ বাবে সমানেই গুৰুত্বপূৰ্ণ৷ কোনেও কাকো অৱমাননা কৰা উচিত নহয়৷ কিন্তু যেতিয়া খেতিয়ক এজনৰ সন্তানে মেট্ৰিক বা উচ্চতৰ মাধ্যমিকত শীৰ্ষ স্থান অধিকাৰ কৰে, তেন্তে আমাৰ মাজত কোৱাকুই হয়- ‘খেতিয়কৰ ল’ৰা হৈ ইমান ভাল ৰিজাল্ট!’ বাতৰিত খবৰ ওলায়-‘খেতিয়কৰ ল’ৰাই শীৰ্ষ স্থান পালে৷’ যেতিয়া প্ৰখ্যাত লোকৰ সন্তানে শীৰ্ষস্থান দখল কৰে, তেতিয়া বাতৰি ওলায়-‘শীৰ্ষ স্থান দখল কৰা অমুক নামৰ ল’ৰাজন তমুকৰ পুতেক৷’ এই দুয়োটা বাতৰিৰেই স্বৰূপ আৰু অন্তৰ্নিহিত বাৰ্তা বেলেগ৷ বাতৰিটোৰ আঁৰত এটা সৎ উদ্

তুলনা কৰাৰ আগতে

Image
তুলনা কৰি থকাটো মানুহৰ এটা প্ৰবৃত্তিগত অভ্যাস৷ সামাজিক মনোবিজ্ঞান তত্ত্বত তুলনা মূলতঃ দুইধৰণৰ৷ ঊৰ্দ্ধমুখী তুলনা আৰু নিম্নমুখী তুলনা৷ এতিয়া কথা হ’ল-আমি কোনটোধৰণৰ তুলনা বেছিকৈ কৰোঁ? এটা উদাহৰণঃ এজন ল’ৰাই পৰীক্ষাত এশৰ ভিতৰত নবৈ নম্বৰ পালে৷ আবেলি হাতত বহীখন লৈ ল’ৰা ঘৰলৈ আহিল৷ অভিভাৱকে বহীখন হাতত ল’লে, কোনে কিমান নম্বৰ পাইছে সুধিলে আৰু তাক ক’লে-“তোতকৈ দেখোন পাঁচটা ল’ৰাই বেছি নম্বৰ পালে৷ বেয়া হৈছে, তোৰ পঢ়া-শুনা বেয়া হৈছে৷” এইটো ঊৰ্ধমুখী তুলনা৷ অৰ্থাৎ মানুহে যেতিয়া নিজৰ স্থিতিটোক তেওঁতকৈ উচ্চস্থানত থকা মানুহৰ লগত তুলনা কৰে, তেতিয়া তাক ঊৰ্দ্ধমুখী তুলনা বুলি কোৱা হয়৷ আনহাতে অইন  এজন অভিভাৱকে সত্তৰ নম্বৰ লাভ কৰা ছাত্ৰজনৰ বহীখন চাই ক’লে-“ভাল হৈছে৷ তই শ্ৰেণীৰ বিশটা ল’ৰাতকৈ বেছি নম্বৰ পাইছ৷” এইটো হৈছে নিম্নমুখী তুলনা৷ যিটো তুলনাত মানুহে নিজৰ স্থিতিটোক তেওঁতকৈ নিম্ন স্থানত থকা মানুহৰ লগত তুলনা কৰে৷ এই দুয়োটা তুলনাৰে ভাল আৰু বেয়া দিশ আছে৷ যোগ দিব পাৰি যে-ঊৰ্ধমুখী তুলনাই মানুহৰ মনত ‘বিফলতা’ বা ‘বেজাৰ’ৰ ভাৱ এটা সৃষ্টি কৰে আৰু নিম্নমুখী তুলনাই আমাৰ মনত এটা ‘সাফল্য’ অথবা ‘সুখ’ৰ অনুভূতি সৃষ্টি কৰে৷ আকৌ বৰ