শক্তিশালী শত্ৰুৰ বাবে শক্তিশালী কৌশল
আফ্ৰিকাৰ অৰণ্যত সততে দৃষ্টিগোচৰ হোৱা চিতা বাঘ পৃথিৱীৰ ভিতৰতে এটা দ্ৰুতবেগী জন্তু হিচাপে পৰিগণিত৷ একোটা চিতা বাঘে ঘণ্টাত প্ৰায় ৮০-১২০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে৷ ৩-৫ ছেকেণ্ডৰ ভিতৰতে চিতা বাঘে ৫০-৬০ মাইল প্ৰতি ঘণ্টাৰ বেগত উপনীত হ'লেও আচৰিত হ'বলগীয়া কথা নহয়৷ এনেকুৱা এটা চিতা বাঘে যেতিয়া চৰি থকা হৰিণৰ জাক এটা দেখে, তেতিয়া পিছে চিতা বাঘটোৱে ততালিকে জাকটোক আক্ৰমণ নকৰে৷ সি চোপ লৈ থাকে৷ জাকটোৰ চকুত নপৰিবলৈ অহোপুৰুষাৰ্থ কৰে৷ দ্বিতীয়তে, বাঘটোৱে হৰিণৰ জাকটোৰ ভিতৰত থকা সবাতোকৈ দুৰ্বল হৰিণটোক চিনাক্ত কৰিবলৈ প্ৰয়াস কৰে৷ সৰু, চাপৰ, দুৰ্বল, বেমাৰী, লেহুকা হৰিণ এটাৰ সমুখত অকস্মাতে উপস্থিত হৈ তাক নিজৰ আহাৰ হিচাপে গ্ৰহণ কৰাটোৱেই বাঘটোৰ লক্ষ্য৷ পিছে শক্তিশালী শত্ৰু বাঘৰ এই কৌশলবোৰ হৰিণেও বুজি পায়৷ বহুশতিকাজোৰা চিকাৰ-চিকাৰীৰ খেলখনৰ অন্তত, আৰু বাঘৰ নানানটা কৌশল দেখি-শুনি হৰিণে নিজাববীয়াকৈ কিছুমান কৌশল সৃষ্টি কৰি লৈছে৷ তেনে এটা কৌশল হৈছে-' Stotting' ৷ হৰিণটোৱে যেতিয়া চোপ লৈ থকা বাঘটোক দূৰৈত দেখা পায়, তেতিয়া হৰিণটোৱে চাৰিওটা ঠেং শূন্যলৈ দাঙি থকা ঠাইতে জাঁপ কেইটামান মাৰে৷ বহু ওপৰলৈ মৰা