Why We Sleep-নিদ্ৰা আৰু স্বপ্নৰ বিষয়ে এখন অনবদ্য গ্ৰন্থ
ৰাতি দেৰিকৈ শুই পুৱা দেৰিকৈ উঠা মানুহৰ শতাংশটো হৈছে ৩০, আৰু সোনকালে শুই সোনকালে উঠা মানুহৰ শতাংশটো হৈছে ৪০৷ বাকী ৩০ শতাংশ মানুহ এই দুই শ্ৰেণীৰ মাজতে পৰে৷ অৰ্থাৎ ধলপুৱাতো নুঠে আৰু এটা বজালৈকো সাৰে নাথাকে৷ শোৱা আৰু উঠাৰ এই প্ৰকাৰবোৰক ক্ৰ’ন’টাইপ বুলি কোৱা হয়৷ যাৰ লগত জেনেটিকছৰ সম্পৰ্ক আছে৷ হয়তো দেৰিকৈ উঠা মানুহজনৰ পূৰ্বপুৰুষ বা অভিভাৱকো দেৰিকৈ বিচনাত পৰিছিল৷ হয়তো দীৰ্ঘদিনধৰি তেওঁলোকে এনে এটা কৰ্মত নিযুক্ত আছিল, যিয়ে তেওঁলোকৰ সেই নিদ্ৰা-বিন্যাসটো গঢ়ি তুলিছিল৷ কিন্তু সমাজত দেৰিকৈ উঠা মানুহক বৰ এটা প্ৰশংসাযুক্ত চকুৰে চোৱা নহয়৷ বৰঞ্চ তেওঁলোকক জোৰ-জুলুম কৰি পুৱা সোনকালে উঠিবলৈহে নিৰ্দেশ দিয়া হয়৷ পিছে Night Owl সকলক যদি প্ৰাকৃতিক অভ্যাসৰ বিপৰীতে সোনকালে উঠিবলৈ জোৰ কৰা হয়, তেন্তে তেওঁলোকৰ মগজুটো নিদ্ৰা-সদৃশ স্থিতি এটাতেই থাকে আৰু তেওঁলোকৰ প্ৰি-ফ্ৰণ্টেল কৰ্টেক্স অংশটো সম্পূৰ্ণভাৱে কাৰ্যক্ষম নহয়৷ মগজুৰ মুখ্য কাৰ্যালয় বুলি চিহ্নিত হোৱা এই অংশটো মানুহৰ বৌদ্ধিক বিচাৰ, বিবেচনা শক্তি, আৱেগ-নিয়ন্ত্ৰণৰ লগত জড়িত৷ এইদৰে প্ৰায়েই টোপনি ভাঙি থাকিলে Night owl সকল এসময়ত গৈ ভীষণ শাৰিৰীক আৰু মানসিক অশান্তিৰ সন্