Posts

Showing posts from February, 2022

পোন্ধৰঘণ্টীয়া কৰ্মসপ্তাহলৈ কিমান দূৰ?

Image
কিছুমান ভাষণত এইটো কথাত বৰ জোৰ দিয়া হয় যে-'আমি আগতকৈও অধিক সক্ৰিয়তাৰে অধিক ঘণ্টা কামত মনোনিৱেশ কৰিব লাগিব। আগতে যদি কাম কৰিছিলোঁ সাত ঘণ্টা, তেন্তে এতিয়া কৰিব লাগিব আঠঘণ্টা। অধিক ঘণ্টা। কাৰণ, কেৱল কৰ্মৰ দ্বাৰাহে সংস্কৃতি। কাৰণ কৰ্মৰ জৰিয়তেহে দেশ বা মুলুক আগুৱাই যাব।' এই প্ৰাচীন কথাষাৰৰ বিৰোধিতা কৰিবলগীয়া একো নাই। কিন্তু ইতিহাসবিদ ৰুটজাৰ ব্ৰেগমেনৰ 'Eutopia for Realists' নামৰ দৃষ্টি-উন্মোচনকাৰী কিতাপখনৰ এটা বিশেষ অধ্যায় আৰু সেই অধ্যায়ত লগ পোৱা অৰ্থনীতিবিদ জন মেইনাৰ্ড কেয়ন্‌ছৰ এষাৰ কথাই উপৰিউক্ত সমস্ত চিন্তাটোতেই খেলিমেলিৰ সৃষ্টি কৰিলে।  ১৯৩০ চনত অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত অৰ্থনীতিবিদ কেয়ন্‌ছে এটা বক্তৃতাযোগে ভৱিষ্যতবাণী কৰিছিল যে-' ২০৩০ চনত তেওঁৰ নাতি-নাতিনীহঁতে সপ্তাহত কেৱল পোন্ধৰ ঘণ্টা কাম কৰিয়েই জীৱনটো স্বাচ্ছন্দ্যে যাপন কৰিব পাৰিব। অৰ্থাৎ, মানুহৰ হাতত নিজৰ ব্যক্তিগত জীৱন, পৰিয়াল, বন্ধ উদ্‌যাপন, ঘূৰা-ফুৰাৰ বাবে হাতত থাকিব অফুৰন্ত সময়। সপ্তাহত পোন্ধৰটা ঘণ্টা মানে এদিনত ২.১৪ ঘণ্টা। কি যে মজাৰ কথা, নহয়নে ! পিছে ৰ'ব... কেয়ন্‌ছৰ এই ভৱিষ্যৎবাণীৰ আমিতো