Posts

Showing posts from October, 2020

বুজাবুজি (ৰস-ৰচনা)

আজি বজাৰত বিচিত্ৰক লগ পালোঁ। মোটামুটি ছমাহৰ মূৰত। বিচিত্ৰ ওৰফে বিন্দু। এটা অদ্ভুতধৰণৰ বিচিত্ৰ মানুহ। বাহ্যিক পৃথিৱীৰ পৰা দৃষ্টি আঁতৰাই আনি যদি বিন্দুৰ জীৱনশৈলীৰ ওপৰত ক্ষন্তেক সময়ৰ কাৰণে নিবদ্ধ কৰোঁ, তেন্তে প্ৰশ্ন জাগেঃ এই মানুহজনে বজাৰৰ চুকত, চাৰিআলিৰ চ'কত কি কৰি আছে! এওঁতো কোনোফালৰ পৰাই আমাৰ শ্ৰেণীত নপৰে। এওঁক লৈ এতিয়াও চিনেমা নিৰ্মাণ কিয় হোৱা নাই! কাব্য লিখা হোৱা নাই কিয়! সেইবোৰ বাৰু বাদ। কিন্তু মানুহটোক মাহেকে-পষেকে নি সংগ্ৰাহালয়ততো থৈ আহিবগৈ পাৰে! যাতে সাধাৰণ মানুহেও তেওঁলোকৰ অসাধাৰণ কীৰ্তিৰ বিষয়ে উমান পায়। উদাহৰণস‌্বৰূপে আজিৰ ঘটনাটোকে ধৰকঃ ছব্জিৰ বেপাৰীয়ে ডিছিটেল পাল্লাখনত পটল জুখি আছে। বিন্দুক লাগে আধা কেজি। কিন্তু তাক আধা কেজিতকৈ বিশগ্ৰামমান বেছিকৈ লাগে। কাৰণ সিও প্ৰচলিত 'অলপ লগাই দিয়ক' প্ৰথাটোৰ উগ্ৰ সমৰ্থক। ঠিকে আছে। বেপাৰীয়ে তাৰ কথামতেই অলপ 'লগাই' দিলে। কিন্তু বিশগ্ৰামৰ পটলটো পাল্লাত পেলাই দিওঁতেই পটলটোৱে বৰকৈ আঘাত পালে। কাৰণ গ্ৰাহকৰ পৰা অনাদৃত-অৱহেলিত হৈ সি মানসিক আৰু শাৰীৰিকভাৱে ইমানেই ভাগি পৰিছিল যে দেহৰ সমস্ত শক্তি শুকাই কৰ্কৰীয়া মাৰিছিল। গতি