Posts

Showing posts from November, 2020

ড০ প্ৰণৱজ্যোতি ডেকাৰ দুখন গ্ৰন্থ

Image
ড০ প্ৰণৱজ্যোতি ডেকাৰ প্ৰবন্ধত যৌগিক আৰ মিশ্ৰ বাক্যৰ আধিপত্য বেছি যদিও ভাৱ আৰু বক্তব্যৰ অভিনৱত্বৰ বাবে বাক্যসমূহে ৰচনাৰ গতিশীলতাত এক মৌলিক মাত্ৰা প্ৰদান কৰে৷ তীক্ষ্ন আৰু পৰিমিত ব্যংগ তেখেতৰ প্ৰবন্ধৰ আন এটি বৈশিষ্ট্য৷ তাৰ লগতে ৰহণ চৰায় বিষয়বস্তু বিশ্লেষণৰ প্ৰতি তেখেতৰ অপ্ৰচলিত মনোভংগীটোৱে৷ ‘পৰমেশ্বৰ আছে নে নাই?’ শীৰ্ষক গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা তেৰটা প্ৰবন্ধৰ ভিতৰত ‘ৰাসায়নিক ঈশ্বৰ’ প্ৰবন্ধটো এটি উল্লেখনীয় প্ৰবন্ধ৷ আলোচনা অনুসৰি, ঈশ্বৰ-সম্পৰ্কীয় ধাৰণাটো মগজু-সৃষ্ট এক ৰাসায়নিক প্ৰক্ৰিয়া৷ গ্ৰন্থত সন্নিৱিষ্ট হোৱা প্ৰায়কেইটা আলোচনাতেই জীৱ-বিজ্ঞান, নৃতাত্বিক, ভৌগোলিক, অথবা স্নায়ুবিজ্ঞানৰ দৰে বিষয় প্ৰভাৱ দেখা গৈছে৷ অৱশ্যে ধৰ্ম আৰু বিৱৰ্তন-সম্পৰ্কীয় কিছুমান তুলনামূলক পৰ্যায়ৰ আলোচনা খৰতকীয়া হৈছে৷ বিশেষকৈ ‘নিয়েণ্ডাৰথেল’ প্ৰজাতিৰ কিছুমান বিতৰ্কিত তথ্যৰ আলোচনা অধিক দীঘলীয়া হোৱাৰ থল আছিল৷  এইটোৰ দৰে বাকীকেইটা প্ৰবন্ধও অৱশ্য-পঠনীয়৷ বিশেষকৈ, ক’লা হীৰা-বগা হীৰা, গল্প সাহিত্যত সত্য, ‘ঈশ্বৰ বনাম বিজ্ঞান’ প্ৰবন্ধকেইটাই পঢ়ুৱৈক চিন্তাৰ খোৰাক যোগাব৷ ড০ ডেকাৰ দ্বিতীয়খন গ্ৰন্থত প্ৰবন্ধৰ সংখ্যা আঠটা৷ তেখেতৰ মতে,

স্থিৰ মানসিকতা আৰু বিকাশসূচক মানসিকতা

  বিফলতাৰ প্ৰতি এজন মানুহে কিদৰে সঁহাৰি জনায়, মূলতঃ সেইটো ধাৰণাৰ ওপৰত ভিত্তি কৰি মানুহৰ মানসিকতাক দুটা বিভাগত ভাগ কৰা হৈছে৷ এটা হৈছে ‘স্থায়ী’ বা ‘স্থিৰ’ মানসিকতা আৰু আনটো হৈছে ‘বিকাশসূচক’ মানসিকতা৷ স্থিৰ মানসিকতাৰ মানুহে নিজৰ বুদ্ধিমত্তা আৰু প্ৰতিভাক অগ্ৰাধিকাৰ দিয়ে আৰু বিফলতাৰ সমুখীন হ’লে প্ৰতিভাৰ অভাৱত হোৱা বুলি ভাবে৷ এইসকল মানুহে সোনকালেই ভাগি পৰাৰ, হতাশগ্ৰস্ত আৰু অস্থিৰ হোৱাৰ সম্ভাৱনা থাকে৷ হয়তো তেওঁলোকে কামটো কৰিবলৈও এৰি দিব পাৰে৷ আনহাতে বিকাশশীল মানসিকতাৰ মানুহে ভাবে যে, যিকোনো কামেই প্ৰয়াস, প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ জৰিয়তে সম্পন্ন কৰিব পাৰি৷ বিফলতাৰ সম্ভাৱনা থাকিলেও তেওঁলোকে কামটো কৰিবলৈ এৰি নিদিয়ে৷ ‘স্মাৰ্ট’ বা প্ৰকৃতিপ্ৰদত্ত ‘প্ৰতিভা’ৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল নহয়৷ সেইবাবে ‘স্মাৰ্টনেছ’ বৰ্তাই ৰখা অতিৰিক্ত চাপটোৰ পৰাও তেওঁলোক মুক্ত৷ এইসকল মানুহৰ জীৱন মোটামুটিভাৱে ‘চাপমুক্ত’ আৰু ‘সফল’৷ এইয়া হৈছে মনোবিজ্ঞানী কেৰ’ল ডুৱেকৰ ধাৰণা৷ তেওঁ ১৯৯৮ চনত এটা গৱেষণা সম্পন্ন কৰিছিল৷ গৱেষণাৰ মতে, ল’ৰা-ছোৱালীক ‘স্মাৰ্টনেছ’ৰ পৰিৱৰ্তে পৰিশ্ৰমৰ প্ৰশংসা কৰিলে তেওঁলোক ভৱিষ্যতৰ কাম এটা কৰিবলৈ অধিক অনুপ্ৰাণি