Posts

Showing posts from September, 2023

গুণৰ বাবে সংখ্যাও দৰকাৰী

Image
চিত্ৰকৰ আৰু ভাস্কৰ্যশিল্পী পাবলো পিকাছোৰ মুঠ সৃষ্টিৰ সংখ্যা ১,৪৭,৮০০৷ তাৰে ১৩,৫০০ খন চিত্ৰ৷ কবি এমিলি ডিকিনছনে জীৱনত লিখা মুঠ কবিতাৰ সংখ্যা প্ৰায় ১,৮০০ ৷ চৈয়দ আব্দুল মালিকৰ বিশাল সৃষ্টিৰাজিত প্ৰায় ২,০০০ গল্প, ৭০খনতকৈও উপন্যাস অন্তৰ্ভুক্ত৷ সংখ্যাৰ ফালৰ পৰা ড০ ভূপেন হাজৰিকাৰ সৃষ্টিও কম নহয়৷ তেখেতে শতাধিক গীত লিখিছে, ৰচিছে, সুৰ কৰিছে৷ হীৰুদাইও লিখিছে বহুসংখ্যক কবিতা৷ সৃষ্টি একোটা উৎকৃষ্টতাৰ শাৰীত তেতিয়াহে উপনীত হয়, যেতিয়া তাৰ লগত 'অভ্যাস' জড়িত হৈ থাকে৷ আৰু বহুক্ষেত্ৰতে 'অভ্যাস'ৰ এটা সমাৰ্থক হৈছে -'সংখ্যা'৷ অৰ্থাৎ এগৰাকী ব্যক্তিয়ে কিমান সৃষ্টি কৰিছে? কেতিয়াবা একোটা 'শ্ৰেষ্ঠ সৃষ্টি'ত উপনীত হ'বলৈ কেবাটাও ভাল/কম ভাল/সাধাৰণ পৰ্যায়ৰ সৃষ্টিৰ পৰ্যায় অতিক্ৰম কৰিবলগীয়া হয়। অৰ্থাৎ চাবলৈ গ'লে, শ্ৰেষ্ঠত্বও এক পৰ্যায়ক্ৰমিক অনুশীলনহে। আমাৰ কিছুসংখ্যক আলোচনাত 'সংখ্যাগত দিশ'টোক নেতিবাচক দৃষ্টিৰে চায়৷ কিছুসংখ্যকে সংখ্যাগত দিশতকৈ গুণগত দিশটোকহে অগ্ৰাধিকাৰ দিয়ে৷ কিন্তু, সমালোচনাৰ এই ধাৰণাটো সদায়েই শুদ্ধ নহয়৷ সংখ্যাগত দিশটো আচলতে সেই ব্যক্তিগৰাকীৰ অভ্যাস

সপোন নেদেখাকৈ থকাটো সম্ভৱনে?

Image
সন্দীপ মহেশ্বৰীৰ ভিডিঅ'সমূহৰ পৰা (বিশেষকৈ তেখেতৰ দ্বিতীয়টো চেনেল "আধ্যাত্মিকতাবাদ"ৰ) মই কিছুমান কথা জানি উপকৃত হৈছোঁ৷ কিন্তু প্ৰিয় ব্যক্তিজনৰ দুই-এক সিদ্ধান্তৰ বৈজ্ঞানিক ভিত্তিটো ত্ৰুটিমুক্ত নহয় ৷ তেখেতৰ এটা ছিৰিজ প্ৰেক্টিকেল ছাইক'লজিৰ পাঁচটা খণ্ড চাইছিলোঁ৷ ছিৰিজটোৰ "হোৱাট ইজ ইগো" নামৰ খণ্ডটিৰ শেষৰফালে সন্দীপ মহেশ্বৰীয়ে কোৱা কথা এষাৰৰ সাৰাংশ এনেধৰণৰ-"মানুহ যদি বিষয়-বাসনা আৰু অৱদমিত প্ৰত্যাশাৰ পৰা মুক্ত হ'ব পাৰে, তেন্তে মানুহে সপোনো নেদেখা হ'ব৷ কাৰণ সপোন হৈছে মানুহৰ অৱচেতন মনৰেই বহিঃপ্ৰকাশ৷" এই কথাটো সন্দীপ মহেশ্বৰীয়ে বৰ আত্মবিশ্বাসেৰে ক'লে যদিও তেখেতৰ সপোন-সম্বন্ধীয় এই তত্ত্বটো গণ্ডগোলীয়া৷ ইয়াৰ আঁৰত থকা কাৰণটো হৈছে-তেখেত বিশিষ্ট বিজ্ঞানী ছিগমন ফ্ৰয়দৰ (ক) "অৱদমিত আকাংক্ষা" আৰু (খ) সপোনৰ উৎপত্তি হৈছে মানুহৰ সুপ্ত আশা পূৰণৰ বাবে" শীৰ্ষক ধাৰণা দুটাৰ দ্বাৰা প্ৰভাৱিত৷ পিছে আমোদজনকভাৱে, ১৯৫০-৬০ চনৰ পৰা বিকশিত হোৱা নিদ্ৰা বিজ্ঞানৰ নানানটা উদ্ঘাটন আৰু পৰৱৰ্তী পৰ্যায়ৰ এম-আৰ-আই স্কেনত উন্মোচিত হোৱা মগজুৰ সম্পৰীক্ষাসমূহে ছিগমন ফ্ৰয়