অভিসন্ধি
অভিসন্ধি মূলঃ ‘ছাজিশ’ (জাভেদ আখতাৰ) অনুবাদ - ভাবানুবাদঃঈশান জ্যোতি বৰা মোৰতো এনে লাগিছে যেন কোনোবাই এয়া অভিসন্ধিহে ৰচনা কৰিছে; মোৰতো এনে লাগিছে যেন কোনোবাই এয়া অভিসন্ধিহে ৰচনা কৰিছে; যে,শব্দৰ লগত অৰ্থৰ যি সম্পৰ্ক- তাক যিমান পাৰি,দুৰ্বল কৰি পেলোৱা ৷ যাতে প্ৰতিটো শব্দই হৈ পৰক একোটা অৰ্থহীন আৱাজ৷ তাৰপিছত সেই আৱাজবোৰক এনেদৰে একাকাৰ কৰি পেলোৱা, এনেদৰে মিহলাই পেলোৱা, যাতে এক কোলাহলে মূৰ দাঙি উঠে ৷ সেই কোলাহলে এনেকুৱা এক তমসাৰ সৃষ্টি কৰিব যে শব্দচ্যুত আটাইবোৰ বোবা প্ৰসিদ্ধিয়ে দিক্-বিদিক হেৰুৱাই পেলাব; নিৰুদ্দিষ্ট হৈ,পথ বিচাৰোঁতে সময়ৰ গাঁতত সোমাই সিহঁতে শেষ নিশ্বাস ত্যাগ কৰিব৷ তাৰপিছত বজাৰলৈ উলটি অহা সেই ফোপোলা শব্দবোৰ নিঃসহায় একোটা গোলামৰ দৰে বিক্ৰী হৈ যাব ৷ এই গোলামবোৰে সিহঁতৰ মালিকৰ এটা মাথোন নিৰ্দেশত এনেদৰে আক্ৰমণ কৰিব যে চিন্তাৰ প্ৰতিটো অট্টালিকা ধাৰণাৰ প্ৰতিটো ভৱন আৱেগৰ প্ৰতিটো কাঁচঘৰেই চূৰ্ণ-বিচূৰ্ণ হৈ যাব ৷ মনৰ অলিয়ে-গলিয়ে,চাৰিওফালে এতিয়া এনে একধৰণৰ বিশৃংখলতায়েই প্ৰকট হৈ উঠিছে ৷ মোৰতো এনে লাগ