Posts

Showing posts from July, 2020

দক্ষতা (কল্পবিজ্ঞানধৰ্মী গল্প)

Image
খবৰটো একপ্ৰকাৰ সাংঘাতিকেই ৷ অন্তহীন দুখৰ পৰা আমাৰ বিষাদজৰ্জৰ মানৱ সমাজক মুক্তি দিবলৈ বজাৰত কিছুমান ‘ সুখ ’ ৰ কাৰ্ড ওলাইছে ৷ পৰহি অৰ্থাৎ ১৯ - ২ -২১ ১৯ তাৰিখে ৰাষ্ট্ৰসংঘ - প্ৰধানে মংগল গ্ৰহস্থিত আন্তঃগ্ৰহীয় দূৰসংযোগ কেন্দ্ৰ ত এই যুগান্তকাৰী সেৱাভাগ উদ্বোধন কৰিলে ৷ আৰু মাত্ৰ পাঁচছেকেণ্ড পূৰ্বে পোৱা বতৰামতে দুদিনতে এই সেৱাৰ গ্ৰাহকে পাঁচ বিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে ৷ এতিয়া দোকান,মলবোৰত কল্পনাতীত ভিৰ ৷ একেবাৰে বিৰ দি বাট নোপোৱা অৱস্থা ৷ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে কলেজৰ ভিতৰত, ৰাস্তাৰ কাষত, অফিচ-কাছাৰীৰ সমুখত, য’তে যেনেকৈ পাৰে, কিছুমানা সেৱা-কেন্দ্ৰ খুলি দিছে ৷ খোলাৰ মাত্ৰকতে সেইবোৰতো পৰুৱাৰ দৰে মানুহৰ শাৰী পৰিলক্ষিত হৈছে ৷ কিমান যে মানুহ ! কিমান যে গেদাৰিং ! অদ্ভুত!   বৰ্তমান এশ আৰু দুশ টকাত উপলব্ধ এই ‘সুখ’ৰ কাৰ্ডবোৰ ম ’ বাইল ৰিচাৰ্জৰ নিচিনা ৷ কাৰ্ডখনৰ আকাৰ বিন্দু এটাৰ সমান হ’ব ৷ দৰ্শন-যন্ত্ৰ যাৰ বিকল,তেনে মানুহে কাৰ্ডখন দেখা নাপায়৷ কোৱা শুনিছোঁ এয়া বোলে ছুপাৰ নেন’টেকন’ল’জিৰ চমক ! আপোনাৰ মগজুৰ পৰা হৃদপিণ্ডসংযোগী নলীত এই কাৰ্ডখন মাইক্ৰ ’ ইনজেকচন এটাৰে সংস্থাপন