Posts

Showing posts from October, 2021

স্পেচিয়েল বাহন (ব্যংগ)

দুৰ্গতিনাশিনী অসমলৈ অহাৰ ঠিক এসপ্তাহমানৰ আগতে দেৱলোকৰ মুখ্য অনুসন্ধানকাৰী বিষয়া (মানে চিআইঅ’) নাৰদক পঠাই দিয়ে৷ এটা দূৰবীণ, এটা নাইট ভিছন কেমেৰা, আৰু কিছু খাদ্যবস্তু সহিতে নাৰদে ঢেঁকীত উঠি গোটেই অসম ইমূৰৰ পৰা সিমূৰলৈ নিৰীক্ষণ কৰে আৰু গাঁত-খাল থকা, দুৰ্গন্ধময় ৰাস্তাবোৰত একোটা টিক্ মাৰ্ক দি সেইবোৰত দেৱীৰ গমন নিষিদ্ধ কৰে৷ সেইদিনা ৰাজকইনা বৰুৱাই গুৱাহাটীৰ পথত ‘ধুমগিৰি’ দেখুৱাই থাকোঁতে নাৰদে গুৱাহাটীৰ আকাশমাৰ্গৰ পৰা তেনেকুৱা ‘নিৰীক্ষণ’জাতীয় কাম এটাই কৰি আছিল৷ অলপ আগতে তেখেতে কোমল চাউলমুঠি খাই আহিছে৷ কাৰণ, অসমলৈ আহিলে ‘ফুড এলাৱেন্স’ পায়৷ বেলেগলৈ গ’লে নাপায়৷ চাউলমুঠি খাই তামোল অকণেৰে মুহুদি নকৰালৈকে আত্মাটোৰ চৰম অশান্তি! সেয়েহে দাঁতিকাষৰীয়া ঘুমটিখনৰ পৰা নাৰদে তামোল দুখনমান কিনি মুখত গোটে গোটে ভৰাই বহুপৰ তাৰ ৰস চুপি থাকিল৷ তামোল খাই দুটামান দীঘল উগাৰ মাৰি, দোকানীক পইছা আৰু নিজৰ অট’গ্ৰাফ দি পুনৰ ঢেঁকীটো চলাই ছাৰজনা আকাশমাৰ্গ পালেগৈ৷ পিছে মানুহজনে আকাশৰ ১০২১ নং ৰান-ৱেটোত থিতাপি ল’বলৈ পাইছিল কি নাই, সিফালে মডেল বৰুৱাই আঠজন খাঁটিখোৱা লেবাৰৰ ওপৰেৰে গাড়ী চলাই দিলেই নহয়! নাৰদে ততালিকে ফোনটো উলিয়াই গোট