Posts

Showing posts from June, 2021

পোক

Image
বিন্দুৰ মূৰত কালি পোক এটা সোমাল৷ কেনেকৈ, কিধৰণে, কেতিয়া আৰু ক’ৰপৰা আহি এই অহৌবলিয়া পোকটো তাৰ তেৰশ গ্ৰাম ওজনৰ মগজুটোত খোপনি পুতিলেহি, সি একো নাজানে৷ আপদটো নাকেদিয়েই আহি প্ৰৱেশ কৰিলে নে কৰ্ণছিদ্ৰৰেই নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিলে-তাৰো বিতং বাৰ্তা এই পৰ্যন্ত অনাৱিষ্কৃত৷ প্ৰতিদিনাৰ দৰে আজিও সি পুৱাই নিজৰ মগজুটো পৰ্টেবল ব্ৰেইন স্কেনাৰটোৰ মাজত সুমুৱাই দিছিল৷ এটা চিৰাচৰিত প্ৰথাৰ মাজেৰেই মেছিনটোৱে ‘পেৎ পেৎ পেৎ’ শব্দ কৰি তাক অভিবাদন জনালে৷ সিও অভিবাদনৰ প্ৰতি শ্ৰদ্ধা জনাই ‘স্কেন আৰম্ভ কৰক’ বুটামটো টিপি দিলে৷ (জানিবলগীয়া কথা-এমাহমানৰ আগতে অসমীয়া ভাষাতো এই মেছিনৰ নীতি-নিৰ্দেশনাবোৰ উপলব্ধ হৈছে৷) স্কেনাৰটোৱে প্ৰথমতে ‘হিপোকেম্পাছ’ নিৰীক্ষণ কৰিলে আৰু আগদিনাৰ ‘অলাগতিয়াল’ 'স্মৃতি' তথা ‘তথ্য’বোৰ ডিলিট কৰি পেলালে৷ ইয়াৰ পিছত স্নায়ুমণ্ডল পৰ্যবেক্ষণ৷ দেখা গ’ল, গ্ৰে’ আৰু হোৱাইট মেটাৰৰ মাত্ৰা আৰু কৰ্মক্ষমতা সন্তোষজনক৷ মোটামুটি ৯০ শতাংশ৷ জৈৱৰসায়নিক প্ৰণালীও সুৰক্ষিত৷ সি ৰেটিংবোৰ দেখি অৰ্দ্ধসিদ্ধ হাঁহি এটা মাৰিলে৷ ইয়াৰ পিছত সি সোঁ আৰু বাঁও হেমিস্ফিয়েৰৰ দুটা কুইক স্কেনিং কৰাই ল'লে৷ দুদিন আগতে সি দুয়োটা