এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

এটা ল’ৰা আৰু এজোপা আপেল গছ

বহু সময়ৰ আগৰ কথা ৷ ৰূপনগৰ নামে এখন গাৱঁত এজোপা আপেল গছ আছিল ৷  গছজোপা অতি প্ৰকাণ্ড আছিল আৰু তাৰ আপেলবোৰ অতি মিঠা আছিল৷ সেই গাওঁখনৰে এটা সৰু ল’ৰা সদায় সেই গছজোপাৰ তলত খেলিবলৈ আহিছিল ৷ ল’ৰাটোৰ নাম আছিল ধীৰু ৷ ধীৰুৱে গছজোপাৰ ডালে-ডালে বগাই ফুৰিছিল, ফলবোৰ ছিঙি খাইছিল আৰু ভাগৰ লাগিলে গছজোপাৰ ছাঁত জিৰাইছিল৷ গছজোপাইও ধীৰুক খুউব মৰম কৰিছিল ৷ দুয়োজন অতি পৰম বন্ধু আছিল৷
লাহে লাহে সৰু ল’ৰাটো ডাঙৰ হ’ল ৷ তাৰ ঢেৰ বন্ধু-বান্ধৱী গোট খালে৷ খেলাৰ নতুন সংগী পাই সি তাৰ পুৰণা বন্ধুক পাহৰি পেলালে৷ সি আগৰদৰে গছজোপাৰ কাষলৈ নোযোৱা হ’ল৷ গছজোপাৰ লগত নেখেলা হ’ল ৷
তেনেকৈয়ে কিছু দিন পাৰ হ’ল৷ ধীৰুক বহুদিন দেখিবলৈ নাপাই গছজোপাইও বৰ বেজাৰ কৰি থাকে৷ হঠাতে এদিন ধীৰু  আপেল গছজোপাৰ কাষলৈ আহিল ৷ তাৰ মুখত গভীৰ দুখৰ ছাপ আছিল৷ মনটো মৰা আছিল৷ সেইসময়ত আকৌ গছ-গছনি আৰু চৰাই-জন্তুয়েও মানুহৰ দৰে কথা-বতৰা পাতিব পাৰিছিল৷ এই আপেল গছজোপাইও কথা ক’ব পাৰিছিল৷
  ধীৰুক বহুদিনৰ মূৰত সমুখত দেখি গছজোপাই কোমলকৈ মাত লগালে, “আহা,মোৰ লগত খেলাহি ৷”
“মই এতিয়া ডাঙৰ হ’লো আৰু মই আগৰ দৰে তোমাৰ লগত নেখেলোঁ ৷ মোক এতিয়া পুতলা লাগে আৰু পুতলা কিনিবলৈ পইচা লাগে ৷” ধীৰুয়ে দুখমনেৰে ক’লে ৷

আপেলজোপাই ধীৰুৰ দুখ উপলব্ধি কৰিলে৷ মৰমৰ বন্ধুৰ দুখ দূৰ কৰাৰ মনেৰে গছজোপাই ক’লে- “তুমি দুখ নকৰিবা ৷ মোৰ হাতত পইচা নাই ৷ কিন্তু তুমি মোৰ গছৰ আপেলবোৰ চিঙি নি বজাৰত বেচিব পাৰিবা ৷ আপেলবোৰ বেচি যি পইচা পাবা তাৰে তুমি পুতলা কিনি ল’বা ৷”
ধীৰুয়ে গছজোপাৰ এই কথা শুনি বৰ আনন্দ পালে ৷ ৰং মনেৰে সি গছজোপাৰ গোটেইবোৰ আপেল ছিঙি লৈ গ’ল আৰু তাৰপিছত বহু দিনলৈ সি গছজোপাক লগ ধৰিবলৈ নাহিল ৷ ধীৰুক বহুদিন কাষত নেদেখি গছজোপাৰ মনটো পুনৰ দুখেৰে ভৰি পৰিল ৷
তেনেকৈয়ে কিছুবছৰ পাৰ হ’ল৷ কেইবছৰমান পিছত ধীৰু হঠাতে আহি পুনৰ গছজোপাৰ সমুখত হাজিৰ হ’লহি ৷ সি এতিয়া চফল ডেকা ৷ গছজোপাই তাক দেখি আনন্দমনেৰে মাত লগালে , “আহা,মোৰ লগত খেলাহি ৷”
কিন্তু ধীৰুৰ মুখত আনন্দৰ কোনো চিনেই নাই৷  বিষাদভৰা মাত এটাৰে ধীৰুৱে ক’লে-“ তোমাৰ লগত খেলি থাকিবলৈ মোৰ এতিয়া মুঠেই সময় নাই ৷ মোৰ এতিয়া নিজা পৰিয়াল আছে ৷ তেওঁলোকৰ প্ৰতি মোৰ দায়িত্ব আছে৷ কৰ্তব্যও ঢেৰ৷ মোক এতিয়া থাকিবলৈ এটা ঘৰৰ প্ৰয়োজন ৷ তুমি মোক সহায় কৰিব পাৰিবানে?”
ধীৰুৰ দুখ দেখি গছজোপাই মনত বৰ আঘাত পালে৷ কিছু পৰ মৌন হৈ থাকি গছজোপাই ক’লে-“তুমি মোৰ ডালবোৰ কাটি এটা ঘৰ সাজি ল’ব পাৰিবা ৷ ”
ধীৰুয়ে গছজোপাৰ কথাত হয়ভৰ দিলে আৰু গছজোপাৰ গোটেই ডালবোৰ কাটি সেই ঠাই এৰিলে ৷ তাৰপিছত বহুদিনলৈকে ধীৰুৰ কোনো সংবাদ নাই৷ ধীৰু আহিব,আহিব বুলি গছজোপা অধীৰ আগ্ৰহেৰে ৰৈ থাকে৷ ধীৰুৰ লগত কটোৱা সময়বোৰৰ কথা মনলৈ আনি নীৰৱে উচপি কান্দে৷
তাৰ পিছত আৰু কেইটামান বছৰ পাৰ হ’ল৷ হঠাৎ এদিন আবেলি ধীৰু পুনৰ সেই গছজোপাৰ ওচৰলৈ আহিল ৷
“মই এতিয়া বুঢ়া হৈছোঁ ৷ সংসাৰৰ লেঠা মাৰি মাৰি ভাগৰি পৰিছোঁ৷ অলপ ফুৰি আহোঁগৈ বুলি ভাবিছোঁ৷ তাৰ কাৰণে মোক এখন নাও লাগে ৷ তুমি সহায় কৰিব পাৰিবানে ?”-ধীৰুয়ে গছজোপাক ব্যাকুল হৈ সুধিলে ৷

গছজোপাৰ ধীৰুক নিৰাশ কৰিবলৈ মন নগ’ল৷ আগৰদৰেই মৰমসনা মাত এটা উলিয়াই ক’লে -“তুমি মোৰ গা-গছ ডাল কাটি নি তাৰে এখন নাও বনাই লোৱা ৷” গছজোপাৰ কথা শুনি বুঢ়া ধীৰুয়ে মনত বৰ আনন্দ পালে ৷ তেওঁ গছজোপাৰ গা-গছডাল কাটি নি এখন নাও বনালে আৰু ফুৰিবলৈ গ’ল ৷
এনেকৈয়ে নাও চলাই ধীৰুৱে বহু ঠাই ঘূৰিলে৷ ঘূৰি-ফুৰি যেতিয়া ধীৰুৰ মন-প্ৰাণক ভাগৰে হেচি ধৰিলে তেতিয়া ধীৰু এদিন আপেল গছজোপাৰ ওচৰলৈ ঘূৰি আহিল ৷ ধীৰুৰ চুলি পকিছিল ৷ আগৰ দৰে খৰকৈ খোজ কাঢ়িব পৰা নাছিল৷ গছজোপাৰো শৰীৰতো আগৰ দৰে বল-শক্তি নাছিল৷ গছজোপাও বুঢ়া হৈছিল৷ ডাল-পাতবোৰ শুকাই গৈছিল৷ তথাপিও মনৰ বলেৰে গছজোপাই আগৰদৰেই মৰমেৰে মাত লগালে , “মই দু:খিত ধীৰু ৷ মোৰ এতিয়া তোমাক দিবলৈ আপেল নাই ৷
ধীৰুয়ে বেজাৰমুৱা হৈ ক’লে , “কোনো কথা নাই ৷ কাৰন মোৰ এতিয়া আপেল চোবাবলৈ দাঁতো নাই ৷”
গছজোপাই পুনৰ ক’লে , “তুমি গছত উঠিবলৈও মোৰ এতিয়া ডাল,গা-গছ একোকে নাই ৷  ”
ধীৰুয়ে হুমনিয়াহ এটা কাঢ়ি উত্তৰ দিলে , “মোৰ এতিয়া গছ বগাই ফুৰিবলৈ মন আৰু বল একোৱেই নাই৷ ”
গছজোপাই  শেষত ক’লে, “তোমাক দিবলৈ আন একো বস্তুৱেই মোৰ ওচৰত এতিয়া নাই৷ কেৱল মুঁঢ়াটোহে আছেগৈ ৷”
“মোক এতিয়া আৰু একো নালাগে ৷ মই মোৰ জীৱনটোক লৈ অৱশ হৈ পৰিছোঁ৷ মই অলপ জিৰণি ল’ব বিচাৰিছোঁ ৷ কাৰণ মই আজি বহু ভাগৰুৱা ৷ একেবাৰে অকলশৰীয়া৷ মোক অলপ আশ্ৰয়  দিবানে  ৷”-বুঢ়া ধীৰুয়ে ভাগৰুৱা মাতেৰে ক’লে ৷
তেতিয়া আপেলগছ জোপাই ক’লে , “মোৰ কাষলৈ আহা ৷ মোৰ মুঢ়াত বহি জিৰণি লোৱাহি ৷ ”
ধীৰু গছজোপাৰ কথামতে গছজোপাৰ দিশে ধীৰ খোজেৰে আগবাঢ়ি গ’ল ৷ মুঢ়াটোতে মূৰটো পেলালে আৰু তাতে টোপনি গ’ল ৷ অনেকদিনৰ মূৰত ধীৰুক নিচেই কাষতে পাই বুঢ়া আপেলগছজোপাৰ অন্তৰখন সুখেৰে উপচি পৰিল৷ আনন্দতে গছজোপাই উচুপি উঠিল৷

নীতিশিক্ষা: আপেল গছজোপা আমাৰ পিতৃ-মাতৃ ৷ আৰু সৰু ল’ৰাটো হৈছে সেই পিতৃ-মাতৃৰ সন্তান ৷  আমি  আমাৰ পিতৃ-মাতৃৰ লগতে উমলি-জামলি ডাঙৰ হওঁ৷ কিন্তু পাছলৈ তেওঁলোকক পাহৰি পেলাওঁ৷ তেতিয়াহে তেওঁলোকৰ কাষলৈ ঘূৰি আহোঁ,যেতিয়া আমাৰ কিবা বস্তুৰ দৰকাৰ হয়৷ অইন সময়ত আমি তেওঁলোকৰ কথা মনলৈ নানো৷ তেওঁলোকৰ দিবলৈ আমাৰ হাতত তিলমানো সময় নাথাকে৷ কিন্তু তথাপিও আমাৰ পিতৃ-মাতৃয়ে আমাক কোনোদিনেই নিৰাশ নকৰে ৷ আমি যেতিয়াই যি খোজোঁ তেওঁলোকে বিনাসংকোচে আমাক দি দিয়ে৷ আমাক সুখী কৰিবলৈ, আমাৰ সকলো সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোকে সৰ্বস্ব উজাৰি দিয়ে৷ তাৰ বিনিময়ত তেওঁলোকে আমাৰ পৰা কি বিচাৰেনো ! কেইটিমান পল৷ অকণমান সময়৷ কিন্তু আমিও সেইয়াও দিব নোৱাৰোঁ৷ আমি তেনে কৰা  উচিত জানো ? নিজৰ পিতৃ-মাতৃৰ বাবে  আমি সময় উলিয়াব লাগে৷ তেওঁলোকৰ ওচৰত কৃতজ্ঞতা প্ৰদৰ্শন কৰিব লাগে৷ তেওঁলোক সুখী আৰু আনন্দিত কৰিবলৈ তেওঁলোকক ব্যস্ততাৰ মাজতো অলপ সংগ দিব লাগে৷  

 উৎস- ইন্টাৰনেটত পঢ়া এটা সাধুৰ ভাবানুবাদ
(সাধুটোত সংলগ্ন ফটোদুখন মণি দীপা বাইদেৱে আঁকিছে৷ ফটো দুখন দি আমাক কৃতাৰ্থ কৰাৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো৷)


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

'শেষপৃষ্ঠা'ৰ পৰা