“বোমাতংক”
ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ অন্তিম বৰ্ষৰ অন্তিম ছেমিষ্টাৰৰ
দুজন ছাত্ৰ৷ বেলতলাৰ পদপথেৰে খৰ খোজেৰে দুয়ো আগবাঢ়িছে৷ এজনৰ হাতত চাৰিচুকীয়াকাঠৰ সৰু বাকচ এটা৷ তেনেতদৰে
কিছুদূৰ যোৱাৰ পাছতহোটেল এখনৰ সমুখত দুয়োৰে খোজৰ গতি‘শূন্য কিলোমিটাৰ প্ৰতি ঘণ্টা’লৈ
পৰ্যবসিত হ’ল৷ হোটেলখনলৈ দুয়োজন সোমাই গ’ল৷
“অ’ দাদা ! এইফালে দুটা চিংৰা আৰু দুটা স্পেচিয়েল চাহ দিব৷
লগত চ’চ দিব৷ চিলি চ’চ৷টমে’ট’নালাগে৷ আৰু আম-চামৰ কিবা আচাৰ আছে নে ? তাৰো দুচকল
দিব৷ ঐ , বহ৷ ”- লগৰজনক বহিবলৈ নিৰ্দেশ দি টেবলুৰ তলৰ পৰাক্ষীণ-মিন ল’ৰাজনে
প্লাষ্টিকৰ চকী এখন টানি উলিয়াই আনিলে৷
“সোনকালে কৰিব দাদা৷”- অ’ৰ্ডাৰ লোৱা ল’ৰাজনক কথাটো কৈ, কঢ়িয়াই
অনা কাঠৰ বাকচটো চকীখনৰ তলত থৈ,শকত-আৱত আনজনে টেবুলত থকা ঝাৰটোৰ পৰা পানী অলপ
গলাধঃকৰণ কৰিলে৷ তাকে কৰোঁতে চোলাটোত পানীৰ টোপালদুটামান পৰিল৷ টোপালকেইটা মচি তাৰ
পিছত সমুখত থকাজনৰ চকুলৈ চাই তেওঁ ক’লে-
“পৰহিলৈ প্ৰজেক্টৰ ডেম’৷ আৰু এতিয়ালৈকে আমি প্ৰ’গেমটোৱেই
বিচাৰি পোৱা নাই৷ মাইক্ৰকন্ট্ৰলাৰ প্ৰজেক্টডাল লৈ ব’ম বাঁহ খাই আছোঁ ৷ ধুৰৰ !!
কিহে পাইছিল এইডাল ল’বলৈ !” ঘূৰণীয়া টেবুলখনত কোমল ঢকা এটা মাৰি পুনৰ তেওঁ ক’লে –“এই
মানুহজনে আমাৰ কামটো পাৰিব বুলি তোৰ পুৰা বিশ্বাস আছেনে?”
“হান্ড্ৰেড পাৰচেন্ট ! হাৰে ৷ চাই থাকনা? আজিয়েই প্ৰগেম আৰু
আউটপুট দুয়োটাই ৰেডি কৰি দিব৷ পৰহিলৈ চাৰ্কিট চাই সব পাগলা হৈ যাব৷ একদম বিন্দাছ
থাক৷”-আনজনে দৃঢ়তাৰ ক’লে৷
তেনেতে চাহ-চিঙৰাৰ প্লেট দুখন লৈ ল’ৰাজন আহিল৷ দুয়ো ডেকাই
চিঙৰা খোৱাত মনোনিৱেশ দিলে৷ গভীৰভাৱে৷
---------------------
ল’ৰাদুজন ওলাই যোৱাৰ পোন্ধৰ মিনিট পাছৰ ঘটনা৷
পাঁচ-ছয়জন কেমেৰামেন, একডজন সাংবাদিক, তিনিখন আৰক্ষীৰ জিপ৷ ডিঙিৰ
শিৰ ফুলাই সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰিছে৷ তেওঁলোকৰ মুখৰ অভিব্যক্তি,শৰীৰী-ভাষাত
জিলিকি থকা উৎকণ্ঠা,উত্তেজনাৰ পৰা এনে অনুমান হৈছে যে-আৰু মাত্ৰ পাঁচ ছেকেণ্ডৰ
পিছতে ঠাইখিনিত আগতে কেতিয়াও নঘটা এক অভূতপূৰ্ব কাণ্ড সংঘটিত হ’ব ৷
“ব্ৰেকিং নিউজ ! ব্ৰেকিং নিউজ ! বেলতলাৰ হোটেল এখনত অলপ
আগতে উদ্ধাৰ হৈছে এটা কাঠৰ বাকচ৷ বাকচত আছে এটা মহা-শক্তিশালী বোমা৷ আকৌ কৈছোঁ
বাকচত আছে এটা মহা-শক্তিশালী বোমা৷ কাইলৈ স্বাধীনতা দিৱসৰ আগমুহূৰ্তত এইয়া
নিশ্চিতভাৱে এক ভয়ংকৰ কূটাঘাতৰ ষড়যন্ত্ৰ৷
ইতিমধ্যেই বোমা বিশেষজ্ঞসহ আৰক্ষী আহি উপস্থিত হৈছে আৰু বাকচটোৰ
পৰীক্ষা-নিৰীক্ষা কৰি আছে৷”
------------------
বেলতলাৰ এটা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত৷
“অ’ তোমালোক পালাহি? চাৰ্কিটটো আনিছানে?”
“আনিছো ছাৰ৷ ঐ, বাকচটো ক’ত?”
“অ’ মাই গড !”-
খোলা দুৱাৰেখনেদি বিদ্যুৎ গতিৰে শকত ল’ৰাজন ওলাই গ’ল৷লগে
লগে আনজনো দৌৰ মাৰিলে ৷কোঠাটোৰ ভিতৰৰ একমাত্ৰ মানুহজন অবাক-বিস্মিত হৈ ঠাইতে
বহিপৰিল৷
---------------------
স্থান-বেলতলাৰ হোটেলখন৷ অলপ আগতে চাহ-চিঙৰা খাই যোৱা
ল’ৰাদুজনক এতিয়া আগুৰি ধৰিছে সাংবাদিক আৰু কেমেৰামেনৰ দল এটাই৷ তাৰে এজনে অসমৰ
দৰ্শকক বুজাইছে-
“এটা এক্সক্লুছিভ বিগ বিগ বিগ ব্ৰেকিং খবৰ৷ বেলতলাৰ হোটেলত
বোমা ৰাখি যোৱা দুৰ্বৃত্ত,নৰপিশাচ আৰু দুৰ্ধৰ্ষ আততায়ীকেইটাধৰা পৰিছে৷ এই দুজন
কূটাঘাতকাৰী তথা ৰক্তপিপাষু তথা নৃশংস পুৰুষলৈ নিশ্চিতভাৱে মন কৰক৷ কৰাটো নিশ্চিতভাৱে
দৰকাৰী৷ কাৰণ, ৰাইজৰ কেঁচা তেজ ভক্ষণ কৰাই এইসকলৰ জীৱনৰ ব্ৰত৷ এওঁলোকৰ সৰল,সহজ মুখখন দেখি
আপোনালোক মুঠেই ভুল নাযাব৷ মাত্ৰ অলপ আগতে এই হোটেলত বোমা ৰাখি যোৱা নিষ্ঠুৰ যুৱক
এই দুজনেই৷ বোমা ফুটিল নে নাই, তাকেচাবলৈ আহি এতিয়া আমাৰ হাতত ধৰা পৰিল৷”
“কওক৷ কওক৷ পোন্ধৰ আগষ্টৰ পূৰ্বে এইদৰে চকীৰ তলত বোমা ৰাখি
কেনে লাগিল? অনুভৱ কেনে? কওক৷”
“ধেই দাদা৷ কিনো কৈ আছে? এইটো বোমা নহয় নহয়৷ আমাৰ ফাইনেল
ইয়েৰৰ প্ৰজেক্টহে৷ অভাৰ কাৰেন্ট ৰিলেইৰ চাৰ্কিট৷ আমি প্ৰগেমিঙ কৰিবলৈ লৈ আনিছিলোঁ৷
চাহ-চিংৰা খাই ইয়াতে পাহৰি এৰি থৈ গ’লো৷ ছাৰৰ ৰূমত গৈহে দেখিলোঁ বাকচটো লগত নাই৷
তাকে ল’বলৈ আহিলোঁ এতিয়া৷”
“চিংৰাটো ঠাণ্ডা আছিল নে গৰম আছিল?”
“এইটো বোমা নহয়৷ আৰু এওঁলোক নৰপিশাচ নহয়৷”- তীক্ষ্ন বুদ্ধিৰ
সাংবাদিক এজনে প্ৰশ্নটো সুধি থাকোতেইবয়োজ্যেষ্ঠ আৰক্ষী এজন সাংবাদিককেইজনৰ কাষ
চাপি আহি মাত লগালে৷
“কোনে ক’লে? কেনেকৈ জানিলে?”-আটাইকেইটা মাইক আৰক্ষীজনৰ ফালে
ঘূৰিল৷
“এওঁলোক দুজনক টিভিত দেখি তেওঁলোকৰ কলেজৰ প্ৰ’ফেচাৰে মোলৈ
ফোন কৰিছিল৷ তেওঁৱেই ক’লে মোক কথাটো৷নিজৰ ষ্টুডেন্টৰ ওপৰত তেওঁৰ হেনো সাংঘাতিক
বিশ্বাস আছে৷ মানুহজন বৰ ধেমেলীয়া৷ ক’লে বোলে-বোমা বনোৱাৰ দৰে অসাধ্য সাধন কৰিবলৈ
এওঁলোকে আৰু দহ-বিশটামান জনম ল’ব লাগিব ৷ সাতে পাচে বাৰই একে কিমান-তাকে সুধিলেই
একে উশাহে ক’ব নোৱাৰে আৰু এওঁলোকে বোমা বনাব ! অসম্ভৱ কথা এইবোৰ৷তেওঁলোক দুজনক এৰি
দিয়াই মংগল৷ অন্যথা সময়ৰ অপব্যয়৷”
মন্তব্যশুনিসাংবাদিকসকলে ফৰিং ছিটিকা দিলে৷ আৰক্ষীৰ
গাড়ীকেইখনো অইনফালেগ’ল৷
শতাধিকভিন্নৰঙী তাঁৰ আৰু ডজনৰো অধিক সৰু-বৰ আইচিৰে পৰিপূৰ্ণ
বিয়াগোম চাৰ্কিটটোৰ স্থায়ী বাসস্থান এই কাঠৰ বাকচটোৰ ভিতৰখনদেখিলে সাধাৰণ যি-কোনো
মানুহেই সন্দেহৰ চকুৰে চাব৷তাতে পোন্ধৰ আগষ্টৰ সময়ত ৰঙা,নীলা, হালধীয়া মানেই আতংক৷ বছৰৰ
আটাইকেইটা মাহেই আতংক আৰু ভয়ৰ লগত সহবাস কৰা মানুহজাকৰ মনস্তাত্ত্বিকবিশ্লেষণ কৰিহে
দুয়োয়ে এই কথাটো উপলব্ধিকৰিলে৷ দুয়োজন হোটেলৰ বাহিৰলৈ ধীৰ খোজেৰে ওলাই আহিল৷
“ঐ,কিমান বাৰু?”
“কিনো ?”
“সাতে পাঁচে বাৰই একে কিমান?”-শকত ল’ৰাজনে উত্তৰৰ আশাত
আনজনলৈ চালে৷
কি ক’ব উৱাদিহ নাপাই আনজনে ইফালে-সিফালে দৃষ্টি বগৰালে৷
ৰাস্তাৰ ইটোপাৰে ডাষ্টবিনটোৰ গাত ভেজা দি বহি থকা বান্দৰটোৰ ওপৰত গৈ এসময়ত তেওঁৰ
দৃষ্টি স্থিৰ হ’ল৷বান্দৰটোৱে সেইসময়ত মূৰ খজুৱাই আছিল৷
oooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo
Comments
Post a Comment