নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ

ধৰি লওক,আপুনি এখন গ্ৰন্থ লিখি আছে৷ প্ৰায় এটা বছৰৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নৰ অন্তত লিখি উলিওৱা ৫০০ পৃষ্ঠাৰকিতাপখনআপুনি আজি পুৱা কম্পিউটাৰৰ এঠাইত‘চেভ্’ কৰি থৈছিল৷ আবেলি কম্পিউটাৰটো ‘অ’ন্’ কৰি আপুনি হতবাক হৈ পৰিল৷ কাৰণ, পুৱা কম্পিউটাৰত ‘চেভ্’ কৰি ৰখা আপোনাৰ সেই গ্ৰন্থখন এতিয়া আগৰ ঠাইত নাই৷ লৰালৰিকৈ আপুনি গোটেই দ্ৰাইভকেইটাতেফাইলটো তন্ন-তন্নকৈ বিচাৰিলে৷ কিন্তু ক’তোৱেই গ্ৰন্থখনৰ এটা পৃষ্ঠাও উদ্ধাৰ কৰিব নোৱাৰিলে৷ এতিয়া আপুনি কি কৰিব ! চিঞৰি-বাখৰি কান্দিব ? অ’তদিনৰ সকলো কষ্ঠ অথলে গ’ল ভাবি একো নোখোৱা-নোবোৱাকৈ দুদিন-দুৰাতি বিচনাতে পৰি থাকিব?পূৰ্বৰ ভাষা,অলঙ্কাৰ অবিকল উপস্থাপনেৰে পাঁচশ পৃষ্ঠাৰ সেই কিতাপখন পুনৰবাৰ লিখি উলিয়াবলৈ যিমানখিনি মানসিক শক্তিৰ আৱশ্যক,সিমানখিনি মানসিক শক্তিৰ যোগাৰ কৰিব পৰাৰ সামৰ্থ আপোনাৰ হ’ব নে?
কাৰ্লাইল নামৰ মানুহজনে যেতিয়া‘ফ্ৰেন্স ৰিভ’লিউচন’ৰ প্ৰথম খণ্ডটো লিখি আছিল,সেই সময়ৰ কথা৷ প্ৰথম খণ্ডটো লিখি উলিওৱাৰ পিছত তেওঁ পাণ্ডুলিপিটো জন ষ্টুৱাৰ্ট মিল নামৰ বন্ধুজনক পঢ়িবলৈ দিছিল৷ (আচলতে মিলকহে ফ্ৰেন্স ৰিভ’লিউচনখন লিখাৰ দায়িত্ব দিয়া হৈছিল৷ কিন্তু ষ্টুৱাৰ্ট মিল  অইন কামত ব্যস্ত হৈ থকাত কাৰ্লাইলকেই ফ্ৰেন্স ৰিভ’লিউচন লিখাৰ দায়িত্ব দিয়া হ’ল ৷)মিলৰ ঘৰতেই ঘটিল অঘটনটো ৷ মিলৰ ঘৰত বন কৰা মহিলা এগৰাকী আছিল৷তেওঁ গম পোৱা নাছিল , সেই কাগজবোৰ যে কাৰ্লাইল নামৰ মানুহজনে দিন-ৰাতি মেহনত কৰি লিখি উলিওৱা এখন অমূল্য গ্ৰন্থৰ পাণ্ডুলিপি৷ মহিলাগৰাকীৰ দৃষ্টিত সেইয়া পেলনীয়া কাগজ হিচাপেহে ধৰা দিলে৷ সেয়ে তেওঁ সময় নষ্ট নকৰি গোটেই কাগজৰ দ’মটো(?) নি জুইত পেলাই দিলেগৈ৷মুহূৰ্ততে ‘ফ্ৰেন্স ৰিভ’লিউচন’ৰ ৫২৮ পৃষ্ঠাজোৰা প্ৰথম খণ্ডটো জুইত চাৰ-খাৰ হৈ গ’ল৷ কিছু পৰ পিছত কাৰ্লাইল আহি সেই ঠাই ওলালহি৷ তেওঁ দেখে-ঘটনা সাংঘাতিক৷ দাও-দাওকৈ পাণ্ডুলিপি জ্বলি থকা সেই দৃশ্যই তেওঁৰ অন্তৰত শোক আৰু হতাশাৰ যেন বিহহে ঢালিলে৷তেওঁ নিৰাশ হ’ল৷ কিন্তু কাৰ্লাইলৰ অদম্য মনোবল আৰু অপৰিসীম ইচ্ছা-শক্তিৰ আগত সেই শোক আৰু হতাশা ক্ষনস্থায়ীহৈ পৰিল৷ তেওঁ আকৌ ফ্ৰেন্স ৰিভ’লিউচন লিখিবলৈ বহিল আৰু লিখি শেষো কৰিলে৷
বিজুলী-বাতিৰ আৱিষ্কাৰক টমাছ এডিছনসহজ্ৰাধিকবাৰ বিজুলী-বাঁতি সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাবোৰত বিফল হৈছিল৷ তথাপিও তেওঁ আশা এৰি দিয়া নাছিল৷ এবাৰ ভাবকচোন,তেওঁ যদি প্ৰথমবাৰ বিফল হোৱাৰ পাছতেই হাত দাঙি ‘আৰু কাম নকৰোঁ’ বুলি বহি থাকিলহেতেন,তেন্তে আজি আমি বিজুলীৰ পোহৰ পালোহেতেন নে? পালোহেতেন চাগে,কিন্তু মানৱ-সভ্যতা দুশ-তিনিশবছৰমান পিছুৱাই গ’লহেতেন৷ সেই সকল মানুহৰ অফুৰন্ত কৰ্ম-শক্তি আৰু অবিশ্বাস্য ইচ্ছা-শক্তিৰ ফলতহে মানৱ-জাতিয়ে এখোজ-দুখোজকৈ আহি আজিৰ অৱস্থাত উপনীত হৈছে৷  
সৰুতে ‘নোৱাৰোঁ’ কবিতাটো পঢ়িছিলোঁ৷মানুহৰ মন-প্ৰাণলৈ হেৰুৱা উদ্যম ঘূৰাই আনিব পৰা, ইচ্ছা-শক্তিক অধিক শক্তিশালী কৰি তুলিব পৰা মহম্মদ চুলেইমান খাঁৰ এটা অনন্য সুন্দৰ কবিতা আছিল সেইটো৷মননশীল,প্ৰেৰণাদায়ী কবিতাটোৰ অন্তিম শাৰীকেইটাএইমুহূৰ্তত মোৰ মনোজগতত ভুমুকি মাৰিছে-
“দহজনে পাৰে যিটো
তুমিও পাৰিবা সিটো
হেন জানি সাহ কৰি প্ৰাণটাকি কৰা
একেবাৰে নোৱাৰিলে এশবাৰে কৰা৷”





Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা