চাৰিডাল মমৰ কাহিনী

এটা কোঠাত চাৰিডাল মম জ্বলি আছিল৷ প্ৰথম মমডালে ক’বলৈ আৰম্ভ কৰিছে-“মই শান্তি৷ পিছে ,পৃথিৱীখন এতিয়া যুঁজ-বাগৰ আৰু খং-ক্ৰোধেৰে ভৰি পৰিছে৷ চাৰিওফালে কেৱল হিংসা-হিংসি,মাৰ-পিট আৰু হুলস্থুল৷ সেইবোৰ দেখি মোৰ বেজাৰ লাগিছে৷ মই জ্বলি থকাটো উচিত হোৱা নাই৷” কথাষাৰ কৈ মমডাল নুমাই গ’ল৷

তাৰপিছত দ্বিতীয়ডাল মমে ক’বলৈ ধৰিছে-“মই বিশ্বাস৷ কিন্তু এইখন পৃথিৱীত মোৰ এতিয়া গুৰুত্ব বহুপৰিমাণে কমি গৈছে৷ পৰস্পৰে পৰস্পৰক বিশ্বাস নকৰা হৈছে৷ বিশ্বাসী মানুহতকৈ এতিয়া বিশ্বাসঘাতকৰ সংখ্যা বাঢ়িছে৷ অতএব মই জ্বলি থকাৰো কোনো অৰ্থ নাই৷” মুহূৰ্ততে দ্বিতীয়ডাল মমো নুমাই গ’ল৷

তৃতীয়ডাল মমে তেতিয়া দুখেৰে ক’বলৈ আৰম্ভ কৰিলে-“মোৰ নাম ভালপোৱা৷ কিন্তু,মানুহে মোৰ প্ৰয়োজনীয়তা আজিকালি অনুভৱ নকৰা হৈছে৷ তেওঁলোকে মোক সম্পূৰ্ণভাৱে পৃথক কৰিছে৷ তেওঁলোকে আনকি তেওঁলোকৰ আশে-পাশে থকা মানুহখিনিকো ভাল নোপোৱা হৈ আহিছে৷ মইনো জ্বলি থাকো কিয় !” এইবুলি কৈয়েই অধিক সময় ব্যয় নকৰি তৃতীয়ডাল মমো নুমাই গ’ল৷

তেনেতে কোঠাটোলৈ সৰু ল’ৰা এটা সোমাই আহিল আৰু নুমাই থকা মমকেইডাল দেখি বৰ দুখ পালে৷
“তোমালোক কিয় নজ্বলা ! তোমালোক দেখোন শেষ মুহূৰ্তলৈকে জ্বলি থকাৰকথা আছিল৷ তোমালোক ইমান সোনকালে কিয় নুমাই গ’লা !”- বেজাৰ সহিব নোৱাৰি ল’ৰাটোৱে চকুলো টুকিবলৈ ধৰিলে৷

ল’ৰাটোক কন্দা দেখি চতুৰ্থডাল মমে তেতিয়া মাত লগালে-“ হেৰা সৰু ল’ৰাটো ! তুমি নাকান্দিবা৷ ভয়ো নাখাবা৷ মই হ’লো আশা৷ মই যিহেতু জ্বলি আছোঁ,গতিকে আমি বাকীকেইডাল মম জ্বলাই দিব পাৰিম৷ যেতিয়ালৈকে আশা জীয়াই থাকিব,তেতিয়ালৈকে শান্তি,বিশ্বাস আৰু ভালপোৱাওজীয়াই থাকিব৷ সেয়েহে,আমি আশাক সদায় জীয়াই ৰাখিব লাগিব৷” মমডালৰ কথা শুনি ল’ৰাটোৱে কান্দোন বন্ধ কৰিলে আৰু মুখলৈ পূৰ্বৰ উজ্জ্বলতা ঘূৰাই আনি বাকীকেইডাল মম হাঁহিমুখেৰে জ্বলাই দিলে৷




Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা