ভৱিষ্যৎ-বাণী -(ৰস-ৰচনা )


বছৰৰ প্ৰথম সপ্তাহটো জ্যোতিষী বীৰু ইয়ঙে অতি ব্যস্ততাৰে পাৰ কৰে৷ খাবলৈ সময় নাই,শুবলৈ আহৰি নাই৷ হাটীপতি তাৰকাৰাজ্যৰ আটাইবোৰ গ্ৰহ,নক্ষত্ৰৰ গতিবিধি নিৰীক্ষণ কৰাত তেওঁ ইমানেই ব্যস্ত হৈ পৰে যে বছৰৰ প্ৰথমকেইটা নিশা তেওঁ সপোন নেদেখাকৈয়ে পাৰ কৰে বুলি ক’ব পাৰি৷ সমাজ-সেৱাৰ অন্যতম নিদৰ্শন ইয়াতকৈ আৰু কি হ’ব পাৰে ! ক’লা কোট এটা পিন্ধি,কপালত ৰঙা আঁচডাল টানি,লেপটপৰ পিছফালে  আয়তাকাৰ ষ্টিকাৰটো লগাই, ডিঙিত চাৰি-পাঁচডাল নানাৰঙী চেইন ওলোমাই অসমৰ আটাইকেইটা নিউজ চেনেলৰ চোতালে চোতালে অনাই বনাই ফুৰাটো আৰু এক ঘণ্টা ধৰি ৰাজ্যৰ ৰাজনীতি,সমাজনীতি,অৰ্থনীতিৰ ভৱিষ্যতৰ বিষয়ে ফৰফৰাই গাই থাকিব পৰাটো উলা-মূলা বিধৰ কথা মুঠেই নহয়৷ তাতে ক্ষেত্ৰভিত্তিক অধ্যয়ন তথা পুংখানুপুংখ বিশ্লেষণৰ প্ৰসংগটোও জড়িত হৈ আছে৷ ৰাহু গৈ ধুবুৰীত আছে নে শিলচৰত আছে; কেতু ট্ৰেকাৰত আহিছে নে ছুপাৰ ডিলাক্স বাছত আহিছে; শণি গৈ ইউৰেনাছ গ্ৰহৰ পিছফালে লুকাইছে নে নেপচুন গ্ৰহৰ কাষৰ কেঁকুৰিয়েদি একপাক ঘূৰি আকৌ নিজৰ স্থানলৈ ঘূৰি আহিছে; প্ৰচণ্ড জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কোনটো গ্ৰহ গৈ বুধ গ্ৰহৰ সোঁৱে-বাঁৱে লৰি ফুৰিছে - ইত্যাদি ইত্যাদি নানানটা তথ্যৰ অনুসন্ধান কৰাটো ভাতৰ লগত পানী এটোপা গিলি থোৱাৰ দৰে কথা হ’ব পাৰে জানো? নোৱাৰে৷ কিন্তু গ্ৰহ-গতিৰ অৱস্থান যিমানেই প্ৰত্যাহ্বানপূৰ্ণ আৰু অগতানুগতিক নহওক,জ্যোতিষী বীৰু ইয়ঙৰ দক্ষতা,নিষ্ঠা আৰু অধ্যয়নে সেইসমূহ নেওচি সফলতাৰ সৰ্বোচ্চ শিখৰত আৰোহন কৰেই৷ কোৱা বাহুল্য,এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷ সাম্প্ৰতিক অসমৰ চৰম উৎকণ্ঠাময় আৰু ৰোমাঞ্চকৰ পৰিস্থিতিৰ মাজৰ সহাৱস্থান কৰা মানুহখিনিৰ সমস্ত প্ৰত্যাশা আৰু অপেক্ষাৰ যৱনিকা পেলাই জ্যোতিষী বীৰু ইয়ঙে স্ব-হস্তে যুগুত কৰা ভৱিষ্যৎবাণীৰ প্ৰতিবেদনখন অৱশেষত সাধাৰণ ৰাইজৰ নিমিত্তে ৰাজহুৱা কৰিলে-

ৰাজনীতিৰ আকাশ-এই বছৰত অসমৰ ৰাজনীতিৰ আকাশখন সংবিধানস্বীকৃত আৰু সংবিধানবৰ্জিত কিছুমান বিলুপ্তপ্ৰায় গালি-শপনিৰ নিয়মীয়া গৰ্জন আৰু আস্ফালনৰে তোলপাৰ হৈ থাকিব ৷ বিগত বছৰৰ দৰে এই বছৰতো বোকা ছটিওৱা খেল নিৰৱচ্ছিন্নভাৱে চলি থাকিব, যিহেতু সৌৰজগতৰ পৰা বৃহস্পতি মাজে-সময়ে অদৃশ্য হোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে সুখৰ কথা যে, জ্যোতিষী বীৰু ইয়ঙে বৃহস্পতিক পূৰ্বৰ স্থানলৈ আনিবলৈ নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিছে৷ জীৱন্ত বিশ্ব শৰ্মা,কদৰুদ্দিন কাজমল আৰু বহুগুণীপ্ৰতিভাসম্পন্ন গগৈছাৰৰ আচৰণ আৰু ভাষণ আগন্তুক দিনকেইটাত অসমৰ চুকে-কোণে সততে চৰ্চিত হৈ থকাৰ যোগ আছে৷ কোৱাটো নিষ্প্ৰয়োজন,গগৈছাৰৰ ত্ৰিভুৱন ভুলোৱা হাঁহিটোৱে এই বছৰো ৰাইজক নিৰ্মল মনোৰঞ্জনৰে আনন্দিত কৰিব৷ ৰাহুৰ কৃপাত বিগত সময়ছোৱাত জীৱন্ত বিশ্ব শৰ্মাৰ সুবিশাল টেবলেটটোৰ বিষ্ফোৰক ভিডিঅ’ ৰেকৰ্ডিংসমূহে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ব’হাগ বিহু পৰ্যন্ত এইসমূহ ভিডিঅ’ৰ পোনপটীয়া সম্প্ৰচাৰ জাৰী থাকিব৷ ৰাইজে চকু বহল কৰি চাই থাকিলেই হ’ল৷ পেটৰ জ্বলা-পোৰা,চৰ্দি-কাহৰ লেখীয়া সৰু-সুৰা বেমাৰৰ পৰা আৰম্ভ কৰি কেন্সাৰ,ডায়েবেটিছৰ দৰে অস্বস্তিদায়ক ব্যাধি উপশম কৰিবলৈ উৎসুক হৈ থকা ৰাইজে এই বছৰতো হাতত বিচলেৰি বটল এটা লৈ কদৰুদ্দিন কাজমলৰ কাষত ভিৰ কৰিবহি৷ ভৰিৰ নখৰ পৰা মূৰৰ চুলি পৰ্যন্ত শণিয়ে দপ্‌দপাই থকা অধিকাংশ নেতাই হাতে হাতে দা,কুঠাৰ,চিপৰাং আদি উদ্যত অস্ত্ৰ লৈ সংবাদমেল সম্বোধন কৰাটো এটা নিত্যনৈমিত্তিক কাৰ্যসূচীত পৰিণত হ’ব৷ প্ৰগতি,উন্নয়নৰ শক্তিশালী বোমাকেইটা বছৰৰ প্ৰথমকেইটা মাহত সঘনাই ফুটিব৷ দৰ্শক ৰাইজে কাণৰ পৰ্দাকেইখন বচাবলৈ কপাহৰ আশ্ৰয় ল’ব পাৰে৷ প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ হিল-দল ভাঙি অহা বানপানীয়ে একাংশ ৰাইজক আকাশলৈ তুলি নি চাং একোখন সজাত সহায় কৰিব৷ উল্লেখযোগ্য যে দল বাগৰা ৰাজনীতি,মহাবুজাবুজিৰ ৰাজনীতি,সূতা-কম্বলৰ ৰাজনীতি, মাংস-সুৰাৰ ৰাজনীতি আৰু ‘হু ইজ হু’ৰ ৰাজনীতি ৰাইজে খালী চকুৰে দেখা পাব৷ অৱশ্যে অত্যধিক নিৰাশাৰ পৰিৱেশ সৃষ্টি হ’লে ৰাইজক ‘বাদ দিয়া হে’ শীৰ্ষক মহামূল্যৱান মন্ত্ৰটি আওৰাবলৈ অনুৰোধ কৰা হ’ল৷ এই বছৰত ‘আধাৰশিলা’, ‘ভিডিঅ’ ৰেকৰ্ডিং’ আৰু ‘সংবাদ মেল’ শব্দ তিনিটি ৰাজনীতিবিদৰ বাবে লাকি শব্দ হিচাপে বিবেচিত হৈছে ৷

সাংস্কৃতিক জগতৰ সুৰ- স্ব-ৰচিত ‘জাতীয় সংগীত’ৰ সুৰীয়া বিতৰ্কৰ লগতে সাংস্কৃতিক জগতলৈ নতুনকৈ  আমদানি হোৱা ‘জাতীয় সাজ-পাৰ’ৰ বিতৰ্কই এই বছৰৰ সাংস্কৃতিক অনুষ্ঠানত এক অনন্য মাত্ৰাৰ সংযোজন ঘটাব৷ ৰাহু আৰু কেতুৱে লুকা-ভাকু খেলি থকাৰ পৰিণতিস্বৰূপে বিহু-সমিতি আৰু সংগীত-শিল্পীৰ মাজত সূত্ৰপাত হোৱা ৰণখন এক ঐতিহাসিক পৰ্যায়লৈ উত্তৰণ ঘটাৰ অৱকাশ আছে৷ ৰাহুক যদি কিবা উপায়েৰে বুধৰ চাৰিওফালে চাৰিপাক প্ৰদক্ষিণ কৰাব পৰা যায় আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ ষ্টুডিঅ’ৰ চুকৰ পৰা টি-আৰ-পিৰ পিশাচটো যদি খেদাব পৰা যায়;তেন্তে দৰ্শক ৰাইজে কিছুপৰিমাণে শান্তি লভিব ৷ অসমৰ সাংস্কৃতিক আকাশত বৃহস্পতিৰ অৱস্থান খুবেই সন্তোষজনক হোৱাৰ বাবে বছৰৰ প্ৰথমটো মাহৰ পৰা শেষৰটো মাহলৈকে অসমত গান-নাচৰ পৰিৱেশ এটা বিৰাজ কৰিব৷ বিহুৰ গান,পূজাৰ গান,দীপাৱলীৰ গান,বৰদিনৰ গান, ঈদৰ গান,ছট্ পূজাৰ গান,ৰাতিপুৱাৰ গান,সন্ধিয়াৰ গান,আবেলিৰ গান,দোকমোকালিৰ গান,মাজনিশাৰ গান,ভৰ দুপৰীয়াৰ গান,শাৰদীয় গান,শীতৰ গান,বসন্তৰ গান আদিয়ে ৰাইজক গোটেই বছৰ নচুৱাই থাকিব৷ সিপিনে ভ্ৰাম্যমাণ থিয়েটাৰৰ মালিকৰ ওপৰত শণিৰ শুভদৃষ্টি আছে৷ গতিকে অনৰ্থক চিন্তাৰ আৱশ্যক নাই৷ পানীৰ দস্যু,ৰাৱনৰ লীলা, গুণ্ডাৰ মজনু, বলিয়া বকাসুৰ আদি নাটে ভ্ৰাম্যমাণৰ ইতিহাসত নতুন দিগন্তৰ সূচনা কৰিব ৷ নাটৰ আৰম্ভণিতে নায়কে মতা ‘এইই’, ‘হেইই’ চিঞৰকেইটাই একাংশ দুৰ্বল মানুহৰ কাণ ফালিব বুলি জ্যোতিষী বীৰু ইয়ঙে আশংকা কৰিছে৷ তদুপৰি, সক্ৰিয় অসমীয়া বলেন দত্তৰ ক্ষুৰধাৰ বাক্যবাণৰ পৰা সুৰক্ষা প্ৰদানৰ স্বাৰ্থত সাংস্কৃতিক জগতৰ মানুহখিনিক চল চাই কঠিয়া ৰুবলৈ জ্যোতিষী বীৰু ইয়ঙৰ ফালৰ পৰা অনুৰোধ কৰা হৈছে৷ বিশেষকৈ যুৱ-প্ৰজন্মৰ হাৰ্টৰ টুকুৰা ছবিন গাৰ্গে সাংস্কৃতিক অনুষ্ঠানসমূহত বিশেষ সতৰ্কতা অৱলম্বন নকৰিলে দৈৱাসন তল-ওপৰ হোৱাৰ সম্ভাৱনা আছে৷ হাবিৰ ফল-মূল খাই জীৱিকা-নিৰ্বাহ কৰা ধৰ্মেশ বৰুৱাই হিন্দী গীত পৰিৱেশনৰ বিৰোধিতাৰে ছবিন গাৰ্গক দাবি-ধমক দিয়া পৰিলক্ষিত হ’ব৷ ধৰ্মেশ বৰুৱা আৰু ছবিন গাৰ্গ-দুয়োৰে ৰাহু বিগত প্ৰায় দুটা বছৰে উত্তৰা-দক্ষিণাকৈ অৱস্থান কৰাৰ পৰিপ্ৰেক্ষিততে ৰঙালি বিহুৰ সময়ত হিন্দীগীতকেন্দ্ৰিক বিতৰ্কৰ সূত্ৰপাত ঘটি আছে৷ যি কি নহওক; বলেন দত্ত,বিহু সমিতি আৰু ধৰ্মেশ বৰুৱা- এই বছৰৰ সাংস্কৃতিক জগতখনৰ বাবে ভীষণ ‘আনলাকি’ শব্দ বুলি ঠাৱৰ কৰা হৈছে৷

সংবাদ জগতত এভুমুকি-যিদিনাই বৈদ্যুতিন সংবাদ মাধ্যমে গুৱাহাটীত আহি লাইখুঁটা স্থাপন কৰিছিলহি,সেইদিনাই অসমৰ সংবাদ জগতৰ পৰা শণি অন্তৰ্ধান হৈছিল৷ কাজেই অসমৰ সংবাদ জগতৰ ‘অচ্চে দিন’ আৰম্ভ হৈছিল৷ ব্ৰেকিং নিউজ আৰু এক্সক্লুছিভ প্ৰতিবেদনৰ উৎপাতত শণি গৈ ক’ত লুকালগৈ,স্বয়ং বীৰু ইয়ঙেও উৱাদিহ পোৱা নাই৷ শণিক বিচাৰি পালেই তেওঁ ততালিকে সংবাদমেল আয়োজন কৰি বৈদ্যুতিন মাধ্যমক অৱগত কৰাব বুলি কথা দিছে৷ হাতত মাইক্ৰ’ফ’নটো আৰু পিছফালে কেমেৰাপাৰছনক লৈ চালাক-চতুৰ সাংবাদিকসকলে বাটে-হাটে, বজাৰে-হোটেলে, পাকঘৰে-জুহাল সকলোতে নিসংকোচে চলাচল কৰিব পাৰিব আৰু ‘আপোনাৰ কেনে লাগিছে’ শীৰ্ষক কোটিটকীয়া প্ৰশ্নটো সুধি প্ৰজাৰ ৰং চাব পাৰিব৷ আনপিনে,ষ্টুডিঅ’ত বহি থকা সাংবাদিকসকলৰ বৃহস্পতি সাংঘাতিকভাৱে উদাৰ৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদত আলোচনা আৰম্ভ কৰি নদীবান্ধৰ মাজেৰে আহি একেবাৰে ফাঁচীবজাৰত আৱিষ্কাৰ হোৱা ৰং সনা আপেলটোলৈকে-সকলো ধৰণৰ সকলো বিষয়ৰ আলোচনাতে এওঁলোক হ’ব অপ্ৰতিৰোধ্য ৷ পিছে বিগত কেইমাহমান ধৰি কেতুৰ বেয়া দশা চলি থকাৰ হেতু সংবাদ মাধ্যমে সচেতন মহলটোৰ পৰা নিয়মীয়া সময়ৰ ব্যৱধানত ঠাট্টা-মস্কৰা,ইতিকিং,গোৱাল-গালি আদি নেতিবাচক শক্তিসমূহৰ মুখামুখি হোৱাটোও নিশ্চিত৷ ‘নিউজ চেনেলৰ অতপালি’, ‘নিউজ চেনেলৰ ধিতিঙালি’, ‘নিউজ চেনেলে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে’-আদি বিচিত্ৰ শিৰোনামৰ ৰচনা-নিবন্ধই ছপা মাধ্যমৰ বাতৰিকাকতসমূহৰ সম্পাদকীয় পৃষ্ঠা ভিৰ কৰিবহি৷ ইয়াৰ উপৰি ভাষাবিদ আৰু ব্যাকৰণবিদসকলৰ তীক্ষ্ণ সমালোচনাবোৰতো আছেই৷ নেতিবাচক শক্তিৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিৰোধক্ষমতা গঢ়ি তুলিবলৈ সাংবাদিকসকলে হেম কোষ,আধুনিক অসমীয়া অভিধান আদিৰ সহায় ল’ব পাৰে৷ প্ৰতি বছৰৰ দৰে এইবছৰো সাংবাদিকসকলৰ বাবে লাকি প্ৰশ্নবোধক বাক্য তিনিটা হ’ল-‘আপোনাৰ কেনে লাগিছে?’, ‘ আপুনি কি ক’ব?’ আৰু ‘আপোনাৰ কেনে অনুভৱ হৈছে?’

সভাপতিসকলৰ জোলোঙা- নানান আলৈ-আহুকালৰ মাজতো অসমীয়া জাতিয়ে বছৰৰ বাৰ মাহেই ‘এনজয়’ কৰি থাকিব পাৰে৷ এইটো জাতিৰ এক অন্যতম বৈশিষ্ট্য হিচাপে চিহ্নিত হৈছে৷ এমহীয়া মাঘ বিহু, এমহীয়া দুৰ্গা পূজা, চাৰিমহীয়া ৰঙালি বিহু, পোন্ধৰ দিনীয়া ভেলেণ্টাইন ডে’ৰ উপৰিও বিশ্বৰ ক’তোৱেই পালিত নোহোৱা উৎসৱ যেনে অসম বন্ধ,চকা বন্ধ,জিলা বন্ধ,মহকুমা বন্ধ আদি আয়োজন কৰা দল-সংগঠনসমূহৰ সভাপতিৰ বাবে জ্যোতিষী বীৰু ইয়ঙে কেইবাটাও ইতিবাচক আৰু প্ৰেৰণাদায়ী বাৰ্তা প্ৰেৰণ কৰিছে৷ বিহু সমিতিৰ জোলোঙাকেইটাত বৃহস্পতিৰ আৰ্শীবাদ আৰু শণিৰ সুদৃষ্টি আছে৷ গতিকে চৌ-চৌৱাই ধনৰ সোঁত ব’ব৷ বিধানসভাৰ নিৰ্বাচন আৰু বাপতিসাহোন ৰঙালী বিহুটি একেসময়তে উদ্‌যাপিত হোৱাৰ যোগ আছে৷ গতিকে গাখীৰতে ম’হৰ খুঁটি৷ এই ছেগতে বিহু সমিতিসমূহে স্থানীয় জনপ্ৰতিনিধিৰ পৰা ৰছিদ বহীখনত শকত-আৱত সংখ্যা এটা লিখাই ল’ব পাৰে৷ বিহু পাতি ৰাহি হোৱা ধন সঠিক ঠাইত বিনিয়োগ(ইনভেষ্ট্) কৰাটো বাঞ্চনীয়৷ অসমৰ সৰহসংখ্যক বিহু সমিতিৰে মুখ্য পৃষ্ঠপোষকৰ আসন চম্ভালি থকা ৰাজনৈতিক নেতা আৰু ফাঁচীবজাৰৰ কোটিপতি ব্যৱসায়ীৰ লগত এটা সু-সম্পৰ্ক বৰ্তাই ৰাখিবলৈ তেওঁলোকৰ ডিঙিত বিহু সমিতিৰ সভাপতিসকলে এখন ফুলাম গামোচা পিন্ধোৱাটো বিগত সময়ত দূৰদৰ্শিতাৰ চানেকী হিচাপে পৰিগণিত হৈছে৷ ৰাহি হোৱা ধন আগন্তুক বৰ্ষসমূহত গামোচা ক্ৰয় কৰিবলৈ সভাপতিসকলে বেংকত ডিপ’জিট কৰি থ’ব পাৰে৷ অসম বন্ধৰ দিনা ৰাস্তাৰ মাজত জুই জ্বলাই হাত-ভৰি সেকাৰ উদ্দেশ্যে বহিঃৰাজ্যৰপৰা টায়াৰৰ আমদানি কৰা কাৰ্যভাগতো সেই ধন খৰছ কৰিবলৈ জ্যোতিষী বীৰু ইয়ঙে দিহা দিছে ৷ ৰঙা-নীলা জোতা পিন্ধি,ভাওনাৰ শংখচূড়ৰ দৰে চুলি লগাই হিংলীছমীয়া গান পৰিৱেশন কৰা শিল্পীসকলৰ সংগীতানুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে সভাপতিসকলে বৈদ্যুতিন সংবাদ মাধ্যমৰ কাষ চাপিলে অসমৰ কলা-কৃষ্টি বিশ্বৰ দৰবাৰত উপস্থাপিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে৷ ইয়’ ইয়’ শণি সিঙৰ অন্ধ অনুৰাগীসকলৰ একাংশই সভাপতিৰ ৰূপ ধাৰণ কৰি এই বছৰ ৰাভা দিৱস,শিল্পী দিৱস আদি অনুষ্ঠান আয়োজন কৰাৰ যোগ আছে৷ নতুন প্ৰজন্মৰ নেতা কৌৰৱ গগৈক এই অনুষ্ঠানসমূহৰ মুখ্য পৃষ্ঠপোষকৰ বাবটো দিলে তেওঁ এই ক্ষেত্ৰত প্ৰয়োজনীয় সহায়-সাৰথি আগবঢ়াব বুলি আশা কৰিব পাৰি৷  ‘চান্দা’, ‘উপদেষ্টা’ আৰু ‘ফুলাম গামোচা’-সভাপতিসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এইকেইটা শব্দ শুভফলদায়ী হিচাপে গণ্য কৰা হৈছে৷

সুৰা বিক্ৰেতাসকলৰ নিচা-আমাৰ বাবে গৌৰৱৰ বিষয় যে সুৰা-সম্পদত অসম দিনক-দিনে চহকী হৈ আহিছে৷ সৌ-সিদিনালৈকে অসমৰ মানুহে থলুৱা সোমৰসকণ পান কৰিয়েই জিভাৰ তৃপ্তি সামৰিব লগীয়া হৈছিল৷ কিন্তু নিয়তিৰ চমক চাওক;এতিয়া অসমত দেশী,বিলাতী,হাইব্ৰিড,আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ৰকমৰ বিচিত্ৰ সোৱাদৰ সুৰাৰ বটল সহজে উপলব্ধ৷ জ্যোতিষী বীৰু ইয়ঙৰ সবল নেতৃত্বত সম্পন্ন হোৱা এটা জৰীপত এই তথ্য পোহৰলৈ আহিছে যে, একত্ৰিশ ডিচেম্বৰৰ শেষনিশা ‘সুৰাবীৰ’সকলে পেটত জমা হৈ থকা সুৰা বমি কৰি উলিয়াই দিলে শদিয়াৰ পৰা ধুবুৰীলৈকে খৰস্ৰোতা এখন সুৰাৰ নৈ সৃষ্টি হ’ব৷ বিস্ময়কৰ কথাটো হ’ল- সুৰা বিক্ৰেতাসকলৰ সন্মোহনী দৃষ্টিয়ে বৃহস্পতি আৰু শণিকো কাবু কৰি পেলাইছে৷ ৰাহু আৰু কেতুক পেলাইছে বিবুদ্ধিত,কৰি তুলিছে দিশহাৰা৷ সুৰা বিক্ৰেতাসকলৰ এতিয়া একমাত্ৰ শত্ৰু হিচাপে পৰিগণিত হৈছে গাঁৱে-ভূঁয়ে ক্ৰমাৎ জাগ্ৰত হৈ উঠা মহিলা সমিতিবোৰ৷ হাতে-হাতে লাঠি-টাঙোন লৈ মহিলা সমিতিয়ে কোন দিনা কোন সময়ত আহি সুৰাৰ দোকান ভাঙি অঞ্চল চাফা কৰি থৈ যায়,তাৰ কোনো নিশ্চয়তা নাই৷ এই ভয়ংকৰ অথচ যুগান্তকাৰী আক্ৰমণৰ পূৰ্বানুমান কোনোপধ্যেই সম্ভৱ নহয় বুলি ইয়ঙে দুখ প্ৰকাশ কৰিছে৷ ইয়ঙে পিছমুহূৰ্ততে ৰগৰ কৰি কয় -‘ত্ৰিশ বছৰ গৱেষণা কৰি ছিগমন ফ্ৰয়দেই নাৰীৰ মনৰ কথা বুজি নাপালে,তেনেস্থলত আমিনো কোন কুটা !’ অতএব,পৰামৰ্শ দিয়াৰ বিপৰীতে জ্যোতিষী বীৰু ইয়ঙে সুৰা বিক্ৰেতাসকলক ‘জাগি শুবা আৰু বাছি খাবা’ মন্ত্ৰটিৰ মাহাত্ম্য উপলব্ধি কৰিবলৈ অনুৰোধ কৰিছে৷ সুৰা বিক্ৰেতাসকলৰ বাবে আনলাকি শব্দ হৈছে ‘মহিলা সমিতি’ আৰু লাকি শব্দ হৈছে ‘সাংস্কৃতিক অনুষ্ঠান’ ‘মাঘ বিহুৰ উৰুকা’ আৰু ৩১ ডিচেম্বৰ৷

এইকেইটা মূল বিষয়ৰ উপৰিও জ্যোতিষী বীৰু ইয়ঙে ভৱিষ্যৎবাণীৰ তালিকাখনত আন্দোলনকাৰীৰ টিঘিলঘিলনি,পথ অৱৰোধকাৰী আৰু আৰক্ষীৰ মাজত কেৰাটেৰ প্ৰতিযোগিতা,কৃত্ৰিম বানপানীত উঁটি অহা শ-শ পলিথিন, ক’লা বৰফৰ মাজত সোমোৱাই ৰখা চালানী মাছৰ সোৱাদ, বৰ্ধিত মূল্যবৃদ্ধি সন্দৰ্ভত দীঘলীপুখুৰীৰ প্ৰেমিক-প্ৰেমিকাৰ নিৰ্মোহ বিশ্লেষণ,গ্ৰন্থ উন্মোচনী সভাত তৃপ্তিৰে এসাঁজ,ধন টেৰাছ উৎসৱৰ আগনিশা পত্নীৰ আমৰণ অনশন,ফেইচবুকত ৰঙিলী-ৰংমনহঁতৰ মাজত লাইক-কমেণ্টৰ অঘোষিত প্ৰতিযোগিতা আদি বিভিন্ন বিষয়-বস্তু সন্নিৱিষ্ট কৰিছে৷

সদৌশেষত ইয়ঙে ভৱিষ্যৎবাণীৰ তালিকাখন গগৈছাৰৰ হাতত চমজাই দিয়ে৷ গভীৰ মনোযোগেৰে গগৈছাৰে তালিকাখনত আদিৰ পৰা অন্তলৈ চকু ফুৰালে৷ তাৰপিছত চিৰপৰিচিত হাঁহিটো মাৰি সেই ঐতিহাসিক বচনফাঁকি মাতি দিলে-‘আসামৰ সঁচাকৈয়ে ডেভলপমেণ্ট হৈছেহে৷ হয় নে নাই ! মিছা ক’লে কিডাল হ’ব ? হেহেহেঃ হেহেহেঃ’’
---------------------০০০০০০০০০০০---------------------------



Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা