Wednesday, 24 February 2016

চাহ আৰু চাহৰ কাপ


শিক্ষাৰ্থীৰ দল এটাই তেওঁলোকৰ শিক্ষাগুৰুক এদিন দেখা কৰিবলৈ গল৷ বহুদিনৰ মূৰত মৰমৰ ছাত্ৰসকলক লগ পাই শিক্ষকজন আনন্দত আত্মহাৰা হৈ উঠিল৷ পৰম উৎসাহেৰে তেওঁলোকে কথা পাতিবলৈ আৰম্ভ কৰিলে৷ কথা পাতি থাকোঁতে শিক্ষকজনে এসময়ত মন কৰিলে- ছাত্ৰসকলৰ বক্তব্যত আনন্দ আৰু উদ্যম ক্ৰমাৎ অদৃশ্য হৈছে আৰু তাৰ ঠাইত জীৱনৰ প্ৰতি অভিযোগ তীব্ৰতৰ হৈ পৰিছে৷ চাকৰি,ধন-সম্পত্তি,ঐশ্বৰ্য-বিভূতি,সামাজিক মৰ্যাদা-এইসকলো দিশতে অসন্তুষ্টিৰ ছাপ স্পষ্টৰূপত দেখা গৈছে৷
মনতে কিবা এটা ভাবি শিক্ষকজন বহাৰ পৰা উঠি গল৷ ছাত্ৰসকল বহি থাকিল৷
কিছুসময়ৰ পিছত শিক্ষকজন উভতি আহিল৷ তেওঁৰ হাতত বিভিন্ন আৰ্হিৰ,নানাৰঙী কেইটামান কাপ দেখা গল৷ 
তেওঁ ছাত্ৰসকলৰ সমুখৰ ঘূৰণীয়া মেজখনত কাপকেইটা থলে৷ কাপকেইটা আগত ৰাখি শিক্ষাগুৰুয়েনো নতুন কি শিক্ষা দিয়ে,তাৰে বুজ লবলৈ আটাইকেইজন ছাত্ৰ ব্যগ্ৰ হৈ পৰিল৷
কাপকেইটালৈ আঙুলিয়াই শিক্ষাগুৰুৱে কলে-চাহক যদি জীৱন বুলি ধৰা,তেন্তে ধন-সম্পত্তি,চাকৰি আৰু সামাজিক মৰ্যাদা-এইবোৰ হব চাহ থবলৈ ব্যৱহৃত হোৱা একো একোটা কাপ৷ চাহ খোৱাটোহে তোমালোকৰ উদ্দেশ্য৷ কিন্তু চাহ খাবলৈ এৰি ভালতকৈও ভাল কাপ বিচৰাতহে তোমালোক এতিয়া ব্যস্ত হৈ পৰিছা ৷ মনে বিচৰা কাপটো হাতত লৈও তোমালোকে কাপটোতেই দৃষ্টি নিবদ্ধ ৰাখিছা,সমস্ত মনোযোগ কেন্দ্ৰীভূত কৰিছা । চাহৰ প্ৰকৃত সোৱাদ লবলৈ পাহৰি গৈছা৷ তেনেকুৱা হব নালাগে৷ কাপ বিচৰাতে আত্মবিভোৰ নহ'বা। চাহকণৰো সোৱাদ লবলৈ শিকিবা মোৰ ছাত্ৰসকল৷"
(ইণ্টাৰনেটত উপলব্ধ অইন এটা কাহিনীৰ আলম লৈ) 

No comments:

Post a Comment